ছয়গাঁৱত শিল্পীক অপদস্থ কাণ্ড :নগাঁৱৰ একাধিক সংগঠনৰ গৰিহণা

nagao

ৱাহিদুদ জামান, নগাঁও, ৯ জুন :

ছয়গাঁৱৰ আচলপাৰত ৭ জুনৰ নিশা দুটা শিল্পী দলক স্থানীয় একাংশ উদণ্ড লোকে অপদস্থ কৰাৰ লগতে উলঙ্গ নৃত্য প্ৰদৰ্শন কৰিবলৈ ভাবুকি প্ৰদান কৰা ঘটনাই ৰাজ্যখনৰ আন ঠাইৰ লগতে নগাঁৱতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসমত কোনো দিনে নোহোৱা এই লজ্জাজনক ঘটনাই সচেতন মহলক স্তম্ভিত কৰাই নহয় ক্ষোভিত কৰি তুলিছে। সত্য সমাজক ভেঙুচালি কৰা এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰিছে কেবাটাও সংখ্যালঘু সংগঠনেও। সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সভাপতি আব্দুল আজিজ আৰু সহকাৰী সম্পাদক আবু বক্কৰ ছিদ্দিকে নগাওঁত সংবাদ মাধ্যমৰ আগত কয়, শিল্পী সকলক অপদস্থ কৰা ঘটনাৰ লগত জড়িত লোক সকলক দৃষ্টান্তমুলক শাস্তি চৰকাৰে দিয়ক।

সংগঠনটোৰ নগাঁও জিলাৰ নতুন কাৰ্যনিৰ্বাহক সমিতি খনৰ আজি অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত ছয়গাঁৱত শিল্পী সকলক অপদস্থ কৰা ঘটনা সন্দৰ্ভত এক গৰিহণা প্ৰস্থাৱ গ্ৰহণ কৰা হয়। পৰিষদৰ কেন্দ্ৰীয় সভাপতি আব্দুল আজিজৰ সভাপতিত্বত নগাঁও চহৰৰ খুটিকটীয়াস্থ খৰিছা হোটেলত অনুষ্ঠিত এই অনুষ্ঠানত জিলা সমিতিৰ নতুন সভাপতি এহিয়া হাচান আনচাৰী, সাধাৰণ সম্পাদক ইছমাইল আলী আৰু মুকছিদুল মমিনৰ লগতে কাৰ্যকৰী সভাপতি আব্দুল লতিফসহ মুঠ ৪১ জনীয়া সমিতিয়ে শপত লয়। অনুষ্ঠানত পৰিষদৰ কেন্দ্ৰীয় সম্পাদক মহম্মদ আলী খলিফা, মোৱাজ্জম হাচান প্ৰমুখ্যে ভালে কেইগৰাকী কেন্দ্ৰীয় নেতৃবৰ্গ‌ উপস্থিত থাকে। ইপিনে, ছয়গাঁৱৰ আচলপাৰ কাণ্ডৰ গৰিহণা দিয়ে অনগ্ৰসৰ মুছলিম জাতীয় ঐক্য মঞ্চ, সংখ্যালঘু জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিকে ধৰি বিভিন্ন দল সংগঠনে। 

 

Your Comments