লাহৰীঘাটৰ পৰা স্বামীমূল ইছলামৰ প্ৰতিবেদন :
উত্তৰ প্ৰদেশৰ আলীগড়ত একাংশ মানুহৰূপী নৰ পিশাচৰ হাতত প্ৰাণ হেৰুৱা কণমানি টিংকল শৰ্মাৰ আত্মাৰ সদগতি কামনাৰে মৰিগাঁও জিলাৰ ভূৰাগাৱত শনিবাৰে সন্ধিয়া ৬.৪৫ বজাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ (আমছু ) আৰু ছাত্র সমাজ অসমৰ যৌথ উদ্যোগত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিবাদকাৰী সকলে কণমানি শৰ্মাৰ হত্যা কাণ্ডৰ লগত জড়িত নৰ পিশাচ সকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্ত মূলক শান্তি প্ৰদান কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী উপস্থাপন কৰিছে । প্ৰতিবাদী কাৰ্যসূচীটোত উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইনৰ লগতে ছাত্র সমাজ অসম আৰু আমছুৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া সকল।
- Log in to post comments
- 3 views