নৰেন শৰ্মা,বাহাৰঘাট,৯ জুন :
নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত বৰগাছা গাওঁ নিবাসী সাংবাদিক পেঞ্চন প্ৰাপ্ত প্ৰবীন সাংবাদিক নাউদত্ত তালুকদাৰ আজি হঠাতে অসুস্থ হৈ বৰ্তমান নিজ গৃহতে চিকিৎসাধীন হৈ আছে৷উল্লেখযোগ্য যে অইনদিনাৰ দৰে আজিও ৰাতিপুৱা প্ৰায় চাৰেদহ মান বজাত নিজৰ বাইচাইকেল খনৰে ওচৰৰে সানেকুছি অঞ্চলৰ ফালে ওলাই গৈছিল। সানেকুছি চ'কত তেওঁৰ এজন চিনাকি মানুহৰ লগত কিবা আলোচনা কৰি থাকোঁতে তালুকদাৰ হঠাতে সংজ্ঞাহীন হৈ পৰি যায়৷ তালুকদাৰ ঢলি পৰা মাত্ৰকে তেওঁ কথা পাতি থকা মানুহজনৰ লগতে একাংশ প্ৰত্যক্ষদৰ্শীয়ে ততাতৈয়াকৈ সানেকুছি ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসাৰ ব্যৱস্থা কৰে৷ পকী পথত পৰি পিচমুৰত আঘাট প্ৰাপ্ত তালুকদাৰৰ ক্ষতস্থানত তিনিটাকৈ চিলাই কৰিব লগাও হয়৷ অবেশ্যই বৰ্তমান তেওঁ বিপদমুক্ত বুলি চিকিৎসক ডা°হেমেন কুমাৰ শৰ্মাই জানিবলৈ দিছে৷
- Log in to post comments
- 26 views