ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ লাইখুটাঁ স্থাপন 

senga

চেঙাৰ পৰা সুৰজিৎ পাঠক:
১৯৪২ চনত স্থাপিত  বৰপেটা জিলাৰ বাউসী অঞ্চলৰ শিক্ষাৰ প্ৰাণ কেন্দ্ৰ ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে গৌৰৱোজ্বল ৭৫ বছৰ অতিক্ৰম কৰিছে। এই মহাৰজত জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি দেওবাৰে বিদ্যালয় খনত মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ লাইখুঁটা স্থাপন কৰা হয়।লাইখুঁটা স্থাপন কৰে মহাৰজত জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি উপেন্দ্ৰ নাথ দাসে  ।  লাইখুঁটা স্থাপনৰ পূৰ্বে পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ, চাফাই অভিযান, সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হয়।সন্ধিয়া মহাৰজত জয়ন্তী উদযাপন সমিতিৰ তৰফৰ পৰা কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় বুলিও উদ্যোক্তা সকলে জানিবলৈ দিয়ে । চলিত বৰ্ষৰ ৫, ৬আৰু ৭ নবেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে  অনুষ্ঠিত হ'ব মহাৰজত জয়ন্তীৰ মূল সামৰণি অনুষ্ঠান। উল্লেখ্য যে ২০১৬চনৰ ২৭ মাৰ্চত মহাৰজত জয়ন্তীৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈছিল ।

Your Comments