চুঙাজান আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান

sungajan

সৰুপথাৰৰ পৰা নবীন বৰাৰ প্রতিবেদন :
ধনশিৰী মহকুমাৰ চুঙাজান আঞ্চলিক ছাত্ৰ সন্থাই, চুঙাজানৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু  উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত কৃতিত্বৰে উৰ্ত্তীন হোৱা ছাত্র ছাত্রী সকলক  উৎসাহ-উদ্দীপনা যোগোৱাৰ উদ্দেশ্যে গামোচা কিতাপ আৰু মানপ্ৰত্রৰে অভিনন্দন জ্ঞাপন কৰে৷

assu চুঙাজান লিটোল এঞ্জেল ইংলিছ হাইস্কুল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকন,Time8 ৰ  সাংবাদিক জ্যোতিষ পৱন বৰদলৈ,চুঙাজান হাইস্কুলৰ প্ৰধান শিক্ষক বিক্ৰম কুমাৰ আলেৰ লগতে লিটোল এঞ্জেল স্কুলৰ প্ৰধান শিক্ষককে ধৰি অনুষ্ঠানটোত উপস্থিত থাকে ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি শশধৰ গগৈ সম্পাদক সুভাষ শইকীয়াকে প্ৰমূখ্য কৰি সংগঠনটোৰ বিষয় ববীয়া সকল

Your Comments