বিলাসীপাৰা- গৌৰাং নগৰত ছুইফট আৰু স্কৰপিঅ গাড়ীৰ মুখামুখি  সংঘৰ্ষ :  চালক সহ ৪জন নিহত: আহত এজন

accident

 বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্রতিবেদন : ৯ জুন:

 আজি দিনৰ  ১১-৩০ মান বজাত ধুবুৰী জিলাৰ বিলাসীপাৰা গৌৰাং  নগৰত  সংঘটিত এক পথ দুৰ্ঘটনাত থিতাতে ৪জন লোকৰ মৃত্যু হয়। জানিব পৰা মতে এ এছ -১৭জে ০১১৯ নম্বৰৰ গোৱালপাৰাৰ পৰা গোলোকগঞ্জ অভিমুখে আহি থকা ছুইফট গাড়ী খনৰ লগত বিপৰীত দিশৰ পৰা অহা এ এছ ১৮ জি ২৯৩০ নম্বৰৰ স্কৰপিঅ গাড়ী খনৰ  মূখামুখি  সংঘৰ্ষ হোৱাৰ ফলতেই ছুইফট গাড়ী খনৰ চালক সহ একেটা পৰিয়ালৰে ৪ জন লোক থিতাতে নিহত হোৱাৰ লগতে  স্কৰপিঅ গাড়ী খনৰ চালক আশ্ৰাফুল ইছলামো গুৰুতৰভাৱে আহত হয়।

acc প্ৰাপ্ত বাতৰি মতে মৃত লোক কেইজনক গোৱালপাৰা জিলাৰ অন্তৰ্গত বলদমাৰী  বিহু ফিল্ড গাঁওৰ ৰাহুল ৰায়  (৩৫) লগতে ৰায়ৰ পত্নী দীপখা সিংহ ৰায় (৩০) আৰু তেওঁলোকৰ ডেৰবছৰীয়া কন্যা ময়ুখ  ৰায় বুলি চিনাক্ত কৰাৰ লগতে গাড়ী খনৰ চালক  জনক ৰফিকুল ইছলাম বুলি চিনাক্ত কৰা হয়। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে।বিলাসীপাৰা পূৱ বিধানসভা সমষ্টিৰ  বিধায়ক অশোক সিংহীয়েও এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে প্ৰশাসনক যান বাহনৰ গতি নিয়ন্ত্ৰণৰ বাবেও আহ্বান জনায়।

Your Comments