গহপুৰৰ পৰা মাধৱ শৰ্ম্মাৰ প্ৰতিবেদন :
ঝাৰখণ্ডত মাওবাদীৰ আক্ৰমণত নিহত হোৱা শ্বহীদ নিৰজ ছেত্ৰীৰ গৃহত আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীয়ে দিনৰ ১২:৩০ বজাত নীৰজৰ ঘৰত উপস্থিত হৈ পিতৃ টিকা বাহাদুৰ ছেত্ৰীৰ হাতত প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা এক শোকবাৰ্তা প্ৰদান কৰে।
- Log in to post comments
- 49 views