দাবী-আপত্তিৰ প্ৰ-পত্ৰ নাইঃ এন এছ কেত হাহাকাৰ ৰাইজৰ

দাবী-আপত্তিৰ প্ৰ-পত্ৰ নাইঃ এন এছ কেত হাহাকাৰ ৰাইজৰ

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দাবী আৰু অপত্তিৰ প্ৰ-পত্ৰ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজে । প্ৰতিটো সেৱা কেন্দ্ৰত ৰাইজে প্ৰ-পত্ৰ বিচাৰি গৈছে যদিও সেৱা কেন্দ্ৰত নাই প্ৰ-পত্ৰ ।

উল্লেখ্য যে যোৱা ৭ আগষ্টৰ পৰা ৰাজ্যৰ প্ৰতিটো এন এছ কেত ৰাইজে দাবী আৰু আপত্তি দৰ্শোৱাৰ প্ৰ-পত্ৰ সংগ্ৰহ কৰি জমা দিব পাৰিব বুলি ঘোষণা কৰা হৈছিল ৷

দাবী-আপত্তিৰ প্ৰ-পত্ৰ নাইঃ এন এছ কেত হাহাকাৰ সাধাৰণ ৰাইজৰ

কিন্তু পৰৱৰ্তী সময়ত ১০ আগষ্টৰ পৰা প্ৰ-পত্ৰ লাভ কৰিব বুলি এন আৰ চি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছিল । সেইমতে ৰাইজে এন এছ কে সেৱা কেন্দ্ৰসমূহত প্ৰ-পত্ৰৰ বাবে উপস্থিত হৈছে যদিও প্ৰ-পত্ৰ নাপাই উভতি যাবলগা হৈছে ।

আজিও যোগান ধৰা হোৱা নাই এই প্ৰ-পত্ৰ । অহা ১৬ আগষ্টৰ পৰাহে দাবী আৰু অপত্তিৰ প্ৰ-পত্ৰ যোগান ধৰা হ'ব বুলি ৰাইজক বুজনি দিছে এন এছ কেৰ বিষয়াসকলে ।

NRC-ASSAM

দৰাচলতে ৭ আগষ্টৰ পিছত ১০ আগষ্ট আৰু এতিয়া ১৬ আগষ্ট হোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰে ।  ইপিনে ১৬ আগষ্টত যে ৰাইজে প্ৰ-পত্ৰ লাভ কৰিব সেয়াও কোনো নিশ্চয়তা নাই ।

মুঠৰ ওপৰত ৰাইজে পদে পদে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে । এতিয়া প্ৰশ্ন উত্থাপন হৈছে- এন আৰ চিৰ নামত আৰু কিমান হাৰাশাস্তিৰ সন্মুখীন হ'ব লাগিব সাধাৰণ ৰাইজে ?
 

Your Comments