নিউজ ডেস্ক:
উত্তৰ গুৱাহাটীৰ সচেতন যুৱপ্ৰজন্ম আৰু জল যাতায়তৰ সচেতন যাত্ৰীসকলৰ প্ৰৱল প্ৰতিবাদত অৱশেষত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ'ল এটা জনবিৰোধী নিৰ্দেশনা।উল্লেখ্য যে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সঞ্চালকৰ পত্ৰৰ আধাৰত বিভাগৰ কার্যবাহী অভিযন্তাই ৬ জুনৰ পৰা সূৰ্য অস্ত যোৱাৰ পিছত গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীসেৱা বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছিল।এই নিৰ্দেশনা প্ৰত্যক্ষ কৰাৰ পিছতেই উত্তৰ গুৱাহাটীৰ সচেতন যুৱ প্ৰজন্ম,সচেতন নাগৰিকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।সকলোৱে একমুখে এই জনবিৰোধী সিদ্ধান্তৰ বিৰোধিতা কৰে।
ছ'চিয়েল মিডিয়াযোগে উত্তৰ গুৱাহাটীৰ সচেতন যুৱপ্ৰজন্মই বিভাগৰ এই সিদ্ধান্তৰ তীব্র বিৰোধিতা কৰে।বিভাগক তীব্ৰ সমালোচনা কৰে সচেতন যাত্ৰীসকলেও।বিভাগৰ সঞ্চালকক সাক্ষাৎ কৰি উত্তৰ গুৱাহাটীৰ 'সচেতন যুৱ মঞ্চ'ৰ সদস্যসকল,সচেতন যাত্ৰীয়ে সন্ধিয়া ৬ বজাৰ পিছত ফেৰীসেৱা বন্ধ কৰাটো উত্তৰ গুৱাহাটীবাসীয়ে কেতিয়াও মানি নলয় বুলি জনাই দিয়ে।গধূলি আৰু নিশা ফেৰীসেৱা চলোৱাত অসুবিধাৰ সন্মুখীন হোৱা বুলি ১৯৬৮ চনৰ নেভিগেছন এক্টৰ আধাৰত গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীসেৱা বন্ধ কৰাৰ বিভাগীয় নিৰ্দেশনাই যে গুৱাহাটীৰ সৈতে সম্পৰ্কিত উত্তৰ গুৱাহাটীবাসীৰ কৰ্ম সংস্থাপন,বাণিজ্য, শিক্ষাৰ ক্ষেত্ৰত ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিব,সেই বিষয়ে বিভাগৰ সঞ্চালকক অৱগত কৰে।
এনেদৰে উত্তৰ গুৱাহাটীবাসী ৰাইজৰ প্ৰৱল প্ৰতিবাদৰ সন্মুখীন হৈ অৱশেষত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ৫ জুন তাৰিখে উক্ত নিৰ্দেশনা প্ৰত্যাহাৰ কৰে আৰু পূৰ্বৰ দৰেই গধূলি আৰু নিশা ফেৰী সেৱা চলাই থাকিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।উত্তৰ গুৱাহাটীবাসীক ভয়ংকৰ অসুবিধাৰ মাজলৈ ঠেলি দিয়া এনে নিৰ্দেশনা ভৱিষ্যতে যাতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে জাৰি নকৰে,তাৰ বাবে বিভাগক আহ্বান জনাইছে সচেতন উত্তৰ গুৱাহাটীবাসীয়ে।
- Log in to post comments
- 40 views