বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি অশ্বক্লান্ত দেৱালয়ত স্বচ্ছতা অভিযান 

a2

বুধবাৰে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি অশ্বক্লান্ত দেৱালয় চৌহদত স্বচ্ছতা অভিযান চলোৱা হয়। স্বচ্ছতা অভিযান মুকলি কৰে দেৱালয় পৰিচালনা সমিতিৰ ভাৰপ্ৰাপ্ত দলৈ দিলীপ শৰ্মাই ।ভাৰতীয় মজদুৰ সংঘৰ ৰাজ্যিক সদস্য ৰঞ্জন শৰ্মা আৰু উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ উপপ্ৰধান আচাৰ্যৰ  নেতৃত্বত অহা ৪৫ জনীয়া এটি দলে মন্দিৰ চৌহদত চাফাই অভিযান চলাই মন্দিৰ চৌহদ পৰিস্কাৰ কৰি তোলে। ইয়াৰ পিছত বৃক্ষৰোপণ অনুষ্ঠানটো মুকলি কৰে উত্তৰ গুৱাহাটীৰ বিশিষ্ট সমাজকৰ্মী তথা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অৱসৰপ্ৰাপ্ত বিষয়া থানেশ্বৰ শৰ্মাই।সাংবাদিক মুনিন ডেকা, ৰন্টু বৈশ্য,ৰাজকমল চাংকাকতি,সমাজকৰ্মী দিলীপ বড়াৰ লগতে আন কেইবাজনো বিশিষ্ট ব্যক্তি, কনমানি শিশুৱে বৃক্ষৰোপণ অনুষ্ঠানত অংশগ্ৰহণ কৰে।

a9

পৰৱৰ্তী পৰ্যায়ত অনুষ্ঠিত 'সংকল্প অনুষ্ঠান'ত পৰিৱেশ সংৰক্ষণৰ বাবে এটা আৰটিআই কোষ গঠন কৰা হয়।আয়োজক সমিতি উত্তৰ গুৱাহাটী পৰিৱেশ সুৰক্ষা সমিতিৰ তৰফৰ পৰা সভাপতি অনুপম বেজবৰুৱা, সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে অনুষ্ঠানত সক্ৰিয় অংশগ্ৰহণৰে সফল কৰি তোলা সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰে ।

Your Comments