বিশেষ প্রতিবেদক :
ভাষিক দ্বন্দ্ব সৃষ্টি কৰি একাংশ বিভেদকামীয়ে অসম অশান্ত কৰিব বিচাৰিছে । তেওঁলােকৰ সেই ষড়যন্ত্র সফল হ’বলৈ কেতিয়াও দিয়া নহ’ব বুলি তেজপুৰত শনিবাৰে হুংকাৰ দিয়ে অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে ।উল্লেখ্য যে ছ’চিয়েল মিডিয়াৰ জৰিয়তে একাংশ দুষ্ট প্রকৃতিৰ লােকে ভাষাগত উন্মাদনাৰ সৃষ্টি কৰি অসমীয়া ভাষাবিদ্বেষী মন্তব্যৰ খবৰে ৰাজ্যখনক পুনৰ অশান্ত কৰি তােলাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । এই সময়তে আনকি একাংশ অসমবিদ্বেষীয়ে ‘ চলাে পাল্টাই ’ জাতীয় মন্তব্য কৰাৰ পিছত কালি তীব্র ক্ষোভ ব্যক্ত কৰি ড° ৰাংজবশীয়ে কয় যে অসমত ভাষিক সংঘর্ষ হ’বলৈ নিদিওঁ । অসমীয়া ভাষাক লৈ কৰা এনে ষড়যন্ত্র ওফৰাই দিম । যিসকলে ‘ চলাে পাল্টাই ’ কৰিছে আমি তেওঁলােককহে ওলট - পালট কৰি দিব পাৰোঁ । যদি কোনাে অসম বিদ্বেষীয়ে অসমৰ ভাষা - সাহিত্য - সংস্কৃতিৰ বিৰােধিতা কৰি সকলাে জাতি - জনগােষ্ঠীৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰে তেন্তে তেওঁলােকক প্রয়ােজন হলে খেদি পঠিওৱা হ'ব । আমি বিচাৰোঁ প্ৰতিটো জাতি জনগােষ্ঠীৰেই ভাষা - সাহিত্য - সংস্কৃতি সুৰক্ষিত হৈ থাকক। তাৰ মানে এইটো নহয় যে অসমীয়া ভাষাৰ প্রতি কোনাে লােকে বিৰূপ মন্তব্য কৰিব ।আমি অসমীয়াভাষীৰ সংখ্যা হ্রাস হ'বলৈ নিদিওঁ ।বৰঞ্চ অসমীয়া ভাষাৰ যি সংকটৰ কথা কোৱা হৈছে প্ৰকৃততে সেই সংকট দূৰ হ'বলৈও বেছি দিন নাই । লক্ষণীয়ভাৱে ২০২১ৰ লােকপিয়লত চাহ বাগিচা আৰু চৰাঞ্চলৰ লােকে মাতৃভাষা হিচাপে অসমীয়া ভাষা ব্যৱহাৰ কৰিব বুলি সাহিত্য সভাক প্রতিশ্রুতি দিছে । অসমীয়া আৰু বাংলা ভাষাৰ উৎপত্তি কামৰূপী ভাষাৰ পৰা হৈছে । সেই কথা সকলােৱে বুজি পােৱা উচিত
- Log in to post comments
- 33 views