শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্রতিবেদন :
কাটলিছড়াৰ এআইইউডিএফৰ বিধায়ক ছুজাম উদ্দিন লস্কৰৰ বিৰূদ্ধে উত্থাপন হৈছে ধৰ্ষণৰ অভিযোগ।অভিযোগকাৰী মহিলাগৰাকীৰ মাছ ব্যৱসায়ী স্বামীৰ লগত বিধায়ক ছুজামৰ আছিল ধনৰ লেনদেন।টকা নিদিয়াৰ ভাবেই আলগাপুৰ আৰক্ষীৰ হাতত ১৬ মে'ত ব্যৱসায়ীজনক ছমজাই দিছিল বিধায়ক ছুজামে । পিছত,ঘটনাটোৰ খবৰ পাই বিধায়কৰ ঘৰলৈ স্বামীক এৰি দিয়াৰ আবেদন জনাবলৈ গৈছিল মহিলাগৰাকী।
বিধায়ক ছুজামে নিজৰ বাসগৃহৰ পৰা নিজৰ বাহনেৰে মহিলাগৰাকীক পাঁচগ্রামৰ নিজাম উদ্দিন নামৰ বিধায়কৰ এজন ঘনিষ্ঠৰ ঘৰলৈ লৈ আহিছিল।উক্ত ঘনিষ্ঠ ব্যক্তিজনৰ ঘৰতেই বিধায়ক ছুজাম উদ্দিন লস্কৰে ধর্ষণ কৰিছিল
বুলি অভিযোগ কৰিছে মহিলাগৰাকীয়ে।
মহিলাগৰাকীয়ে ৰুজু কৰা গোচৰটো ৫৪৪/১৯ ধাৰাত হাইলাকান্দি আদালতত নথিভুক্ত হৈছে।
গোচৰটো এতিয়া ৫২/১৯ নম্বৰ ধৰি তদন্ত আৰম্ভ কৰিছে পাঁচগ্রাম আৰক্ষীয়ে বুলি জানিব পৰা গৈছে।
আনহাতে,শুকুৰবাৰে অভিযোগ উখাপন কৰা মহিলাগৰাকী আৰু তেওঁৰ স্বামীৰ বক্তব্য নথিভুক্ত কৰে পাঁচগ্রাম চকীৰ আৰক্ষী বিষয়াই।
- Log in to post comments
- 103 views