ৱাহিদুদ জামান,নগাঁও , ৩১ মে' :
নগাঁও জিলাৰ জুৰীয়াস্থিত ৪ নং বিদেশী ন্যায়ধীকৰণ আদালতে এক গুৰুত্বপূৰ্ণ ৰায়দান যোগে চৈধ্য জনকৈ লোকক বিদেশী ঘোষনা কৰে। আদালতে কালি বিদেশী বুলি ঘোষণা কৰা লোক কেইজন ক্ৰমে জুৰীয়া অঞ্চলৰ বাহাৰুল ইছলাম, আমিনা খাতুন, আচপিনা খাতুন, ছহিদুল ইছলাম, ফিৰোজা খাতুন, ৰহিমা খাতুন, আব্দুল খালেক, হাছিনা খাতুন, জাহেৰা খাতুন, আব্দুৰ ৰহমান, ওচমান আলী, চুকুৰজান নেচা, মমতাজ বেগম আৰু ছফিকুল ৰহমান। দীৰ্ঘদিন ধৰি এওঁ লোকৰ বিৰুদ্ধে বিদেশী ন্যায়ধীকৰণ আদালতত চলি আছিল গোচৰ। উল্লেখ্য যে, বিদেশী ঘোষিত হোৱাৰ পিছতেই বিদেশী বুলি ঘোষিত লোকসকলৰ অধিকাংশই গ্ৰেপ্তাৰৰ ভয়ত ইতিমধ্যে আত্মগোপন কৰা বুলি জানিব পৰা গৈছে। ইপিনে, একেদিনাই জুৰীয়া অঞ্চলৰ কেবাটাও পৰিয়ালৰ চৈধ্য জনকৈ লোকক বিদেশী বুলি আদালতে দিয়া ৰায়দানক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন দল- সংগঠনে।
আজি আদালতৰ এই ৰায় বৈষম্যমুলক আৰু একপক্ষীয় বুলি দাবী কৰি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাললৈ জিলা উপায়ুক্তৰ জৰিয়তে আজি এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সংগঠনটোৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক আবু বক্কৰ ছিদ্দিক আৰু নগাঁও সভাপতি-সম্পাদকে স্বাক্ষৰ কৰা স্মাৰক পত্ৰখনত উল্লেখ কৰা মতে, নগাঁও জিলাৰ জুৰীয়া, ৰূপহী, ধিং, কচুৱা আদি ঠাইত অৱস্থিত ২, ৩, ৪ আৰু ৫ নম্বৰ বিদেশী ন্যায়াধীকৰণ আদালতত বিগত কিছুদিন ধৰি হকে বিহকে একাংশ ভাৰতীয় লোককো বিদেশী ঘোষণা কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইয়াৰে অকল জুৰীয়াৰ ৪ নং বিদেশী ন্যায়াধীকৰণ আদালতে বিগত কেইটামান দিনৰ ভিতৰত কুৰিজনৰো অধিক লোকক বিদেশী ঘোষণা কৰিছে। এই লোকসকলৰ প্ৰায় সকলোবোৰে পিতৃ-মাতৃ বা ককাদেউতাকৰ নাম ১৯৭১ চনৰ ২৪ মাৰ্চৰ পূৰ্বৰ উপযুক্ত নথি-পত্ৰত থকাৰ ওপৰিও বিদেশী ঘোষিত লোকসকলৰ অধিকাংশৰে নামত স্থানীয় চৰকাৰী গাওঁবুঢ়া, বিদ্যালয়ৰ শৈক্ষিক প্ৰমাণ পত্ৰ আদিকে ধৰি কেতবোৰ নথি পত্ৰ থকাৰ পিছতো তেওঁলোকক বিদেশীৰ বোজা জাপি দিছে বুলি অভিযোগ কৰিছে। মনকৰিবলগীয়া বিষয় এই যে বিদেশী ঘোষিত প্ৰায় সকলো লোকৰে একাধিক ভাতৃ-ভগ্নী আৰু সতি সন্ততি থকাৰ পিছতো পিতৃ -মাতৃ বিদেশী হৈ আছে। আনহাতে পৰিয়ালৰ দুই/এক সদস্যৰ চৰকাৰী চাকৰিয়ো আছে। তেনে স্থলত একেটা পৰিয়ালৰে এজন বিদেশী আন এজন স্বদেশী কেনেকৈ হব পাৰে বুলিও পৰিষদে স্মাৰক পত্ৰখনত প্ৰশ্ন উত্থাপন কৰে।
আদালতৰ একাংশ সদস্যই প্ৰকৃততে নিজৰ চাকৰী ৰক্ষাৰ স্বাৰ্থত ৰাজনৈতিক হস্তক্ষেপৰ বাবে একাংশ ভাৰতীয় লোকক বিদেশী ঘোষণা কৰাৰ গুৰুতৰ অভিযোগো পৰিষদে উত্থাপন কৰিছে। তদুপৰি, সংশ্লিষ্ট বিদেশী ন্যায়াধীকৰণ আদালতত বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়ত অধিকাংশ লোকৰ পিতৃ-মাতৃৰ সৈতে সম্পৰ্ক স্থাপনৰ প্ৰমাণ হিচাপে স্থানীয় চৰকাৰী গাওবুঢ়াই আদালতত মৌখিক সাক্ষ্য প্ৰমাণ দিয়াৰ পিছতো সৰু সুৰা ভূল দেখুৱাই একাংশ লোকক অযথা বিদেশী ঘোষণা কৰি সেই লোকসকলৰ পৰিয়ালৰ লগতে সমগ্ৰ এলেকাত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰা বুলিও পৰিষদে অভিযোগ কৰে।সংগ্ৰাম পৰিষদে বিদেশী ন্যায়াধীকৰণ আদালতত চলা অৰাজকতা বন্ধ কৰি ভাৰতীয় লোকক বিদেশী সজোৱা বন্ধ কৰিবলৈ দাবী জনোৱাৰ লগতে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নাইবা অসম ন্যায়িক সেৱা পৰীক্ষাত উত্তীৰ্ণ হোৱা লোকক হে বিদেশী ন্যায়াধীকৰণ আদালতৰ বিচাৰপতি নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়।
- Log in to post comments
- 42 views