জুৰীয়াৰ পৰা উত্তম কুমাৰ বৰাঃ
নগাঁও জিলাৰ জুৰীয়াস্থিত বিদেশী ন্যায়ধীকৰণ আদালতে এক গুৰুত্বপূৰ্ণ ৰায়দান যোগে জুৰীয়াৰ চৈধ্য জনকৈ লোকক বিদেশী ঘোষণা কৰে। বিচাৰপতি বিপুল কুমাৰ নাথৰ আদালতে বিদেশী বুলি ঘোষণা কৰা লোক কেইজন ক্ৰমে বাহাৰুল ইছলাম, আমিনা খাতুন, আচপিনা খাতুন, ছহিদুল ইছলাম, ফিৰোজা খাতুন, ৰহিমা খাতুন, আব্দুল খালেক, হাছিনা খাতুন, জাহেৰা খাতুন, আব্দুৰ ৰহমান, ওচমান আলী, চুকুৰজান নেচা, মমতাজ বেগম, চফিকুল ৰহমান।
দীৰ্ঘদিন ধৰি এওঁলোকৰ বিৰুদ্ধে বিদেশী ন্যায়ধীকৰণ আদালতত চলি আছিল গোচৰ। উল্লেখ্য যে বিদেশী ঘোষিত হোৱাৰ পিছতেই উক্ত আটাইকেইজনেই আত্মগোপন কৰে। ইপিনে চৈধ্য জনকৈ লোকক বিদেশী বুলি আদালতে দিয়া ৰায়দানক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন দল সংগঠনে।
- Log in to post comments
- 22 views
