নিউজ ডেস্ক :
গুৱাহাটীৰ গ্ৰেণেড বিস্ফোৰণত অভিযুক্ত অভিনেত্ৰী জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰুৰ স্বীকাৰৰ ভিত্তিত শুকুৰবাৰে গোলাঘাটৰ মেৰাপানীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পুৰণি আলফা কেডাৰ অমৃত বল্লভ গোস্বামী,নগাঁৱৰ পুৰণিগুদামত গ্ৰেপ্তাৰ হোৱা চামগুৰিৰ ইন্দ্ৰমোহন বৰা, আৰু শনিবাৰে পুৱা গুৱাহাটীত গ্ৰেপ্তাৰ হোৱা আলফা(স্বা)ৰ নতুন সদস্য চিন্ময় লহকৰক কটকটীয়া নিৰাপত্তা মাজেৰে শনিবাৰে হাজিৰ কৰোৱা হয় কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত।আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে তিনিওগৰাকী অভিযুক্তৰে স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। তাৰ পিছত হাজিৰ কৰোৱা হয় আদালতত। আৰক্ষীয়ে তিনিওগৰাকী অভিযুক্তকে ১৪ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল যদিও আদালতে ১০ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।
ইফালে,কালি মাহৰ দ্বিতীয় শনিবাৰ বাবে আদালতৰ কাম- কাজ বন্ধ আছিল যদিও তিনিওগৰাকী অভিযুক্তক হাজিৰ কৰাব লগা হোৱাত বিয়লি ৪ বজাত জৰুৰীকালীনভাৱে খোলা হয়।
আনহাতে,শনিবাৰে পুৱা তিনিওগৰাকী বিস্ফোৰণৰ সৈতে জড়িত অভিযুক্তক লৈ অনা হয় লতাশিল আৰক্ষী থানালৈ। তাতে আৰক্ষী যুটীয়া আয়ুক্ত দেৱৰাজ উপাধ্যায়ৰ লগতে আৰক্ষীৰ কেইবাগৰাকী শীর্ষ বিষয়াই তিনিওগৰাকী অভিযুক্তকে সোধ-পোচ কৰে।
উল্লেখ যে তিনিওগৰাকী বিৰুদ্ধে গীতানগৰ থানাত ২১০/১৯ নম্বৰত গোচৰ ৰুজু কৰা হৈছে।
- Log in to post comments
- 18 views