তপন বৰগোহাঁইৰ প্ৰতিবেদন
অসম আৰক্ষীয়ে বুধবাৰৰ গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত থকাৰ সন্দেহত পাঞ্জাবাৰীৰ ভাড়াঘৰৰ পৰা প্ৰাক্তন আলফা নেতা প্ৰাণময় ৰাজগুৰু আৰু অভিনেত্ৰী জাহ্নৱী শইকীয়াক গ্ৰেপ্তাৰ কৰাৰ পিছতে অসম আৰক্ষীয়ে লাভ কৰিছে কেতবোৰ ভয়ংকৰ তথ্য। জাহ্নৱী আৰু প্ৰাণময় ৰাজগুৰুৰ স্বীকাৰোক্তিৰ ভিত্তিত শুকুৰবাৰে গোলাঘাটৰ মেৰাপানীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পুৰণি আলফা কেডাৰ অমৃত বল্লভ গোস্বামীক। উল্লেখ্য যে অমৃত বল্লভ গোস্বামী আছিল আলফাৰ বোমা বিশেষজ্ঞৰ লগতে গুৱাহাটীৰ বিস্ফোৰণৰ বোমা যোগানকাৰী।লগতে বিভিন্ন সময়ত অস্ত্ৰ যোগানকাৰী।এই কথা জানিবলৈ দিছে মহানগৰীৰ আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰে।ইয়াৰ উপৰিও তেওঁ কয় যে জাহ্নৱী আৰু প্ৰাণময়ৰ স্বীকাৰোক্তিৰ ভিত্তিত শুকুৰবাৰে নগাঁৱৰ পুৰণিগুদামৰ পৰা
গ্ৰেপ্তাৰ কৰা হয় আন এজন অভিযুক্ত ইন্দ্ৰমোহন বৰাক। তেওঁ জাহ্নৱী আৰু প্ৰাণময়ৰ লগত ঘটনা সংঘটিত হোৱাৰ ৬-৭ দিন আগৰে পৰা থাকি কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল। লগতে আলফাক সমগ্ৰ খবৰসমূহ যোগান ধৰিছিল।
ইয়াৰ উপৰিও বোমা বিস্ফোৰণৰ দিনা বিস্ফোৰণৰ সৈতে জড়িত থকা বিজয় অসম নামৰ এগৰাকী আলফা নেতাক তেওঁ নগাঁৱৰ পৰা গোলাঘাটলৈ লৈ গৈছিল। ইয়াৰ উপৰিও তেওঁ কয় যে গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত থকাৰ লগতে উক্ত দিনা বিস্ফোৰণটো যি সংঘটিত কৰিছিল,তাৰ লগত গোটেই দিনটো থাকি ৰাজগুৰু আৰু জাহ্নৱীৰ লগত বহি বিস্ফোৰণৰ পৰিকল্পনা কৰাৰ লগত জড়িত থকাৰ অপৰাধত গুৱাহাটীৰ
খৃষ্টানবস্তিৰ পৰা চিন্ময় লহকৰ নামৰ এগৰাকী নতুন আলফা সদস্যক শনিবাৰে পুৱা গ্ৰেপ্তাৰ কৰা হৈছে।এই তিনি গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছত এতিয়া গ্ৰেণেড বিস্ফোৰণ সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা হৈছেগৈ পাঁচগৰাকী। ইফালে আৰক্ষী আয়ুক্ত দীপক কুমাৰে জানিবলৈ দিয়ে যে এই ঘটনাৰ সৈতে জড়িত থকা আৰু বহুকেইগৰাকীক এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ বাকী আছে। তাৰ ভিতৰত গ্ৰেণেড বিস্ফোৰণ সংঘটিত কৰাৰ সময়ত ঘটনাস্থলীতে থকা অন্যতম অভিযুক্ত আলফা নেতা বিজয় অসমো আছে ।সেইসকলৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে আয়ুক্ত গৰাকীয়ে।
আনহাতে বিজয় অসমে সেইদিনা বিস্ফোৰণতো সংঘটিত কৰিছিল নেকি বুলি সাংবাদিকে মহানগৰ আৰক্ষীৰ আয়ুক্ত দীপক কুমাৰক প্ৰশ্ন কৰাত তেওঁ কয় যে বিস্ফোৰণটো সকলো লগ হৈ সংঘটিত কৰা হৈছে।সেই সময়ত জাহ্নৱী শইকীয়া,চিন্ময় লহকৰ, বিজয় অসম আটাইকেইজন আছিল।
ইফালে, 'চেভেন ছিষ্টাৰ্ছ ফ'ৰাম' গঠন কৰাৰ মূল কাৰণ কি থাকিব পাৰে বুলি আয়ুক্তগৰাকীক সোধাত তেওঁ কয়-'দেশৰ পৰা পৃথক হোৱাৰ ভাবধাৰা লৈ যি কাম কৰি আছে;অৰ্থাৎ যি সুকীয়া ৰাষ্ট্ৰ গঠন কৰিবলৈ বিচাৰিছে,সেই ভাবধাৰাত ছেভেন চিষ্টাৰ্ছৰ জড়িয়তে সকলোৰে পৰা গুৰুত্ব ল'বলৈ বিচাৰিছে"।
লগতে কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় ঘটনাৰ সন্দৰ্ভত অসম আৰক্ষীৰে ধাৰাবাহিক যোগাযোগত থকা বুলিও। লগতে কয় যে এজন ৫৬ বছৰীয়া বুদ্ধিজীৱী চেভেন চিষ্টাৰ্ছ ফ'ৰাম গঠন কৰাত জড়িত হৈ আছে।সেইসকলে আলফাৰ শীর্ষ নেতৃত্বৰে যোগাযোগত থাকি এনেধৰণৰ বিস্ফোৰণসমূহ সংঘটিত কৰাৰ চেষ্টা চলাই থাকে।সেইসকলকো গ্ৰেপ্তাৰ কৰা হ'ব।
আলফাই যি কাম কৰিছে সেই কামসমূহ অসমৰ ৰাইজৰ বিৰুদ্ধে কৰি থকা বুলি উল্লেখ কৰি দীপক কুমাৰে কয়-'যদি অকল সুৰক্ষাৰ বাহিনী ওপৰত আক্ৰমণ কৰিবলৈকে আহিছিল, তেন্তে কিয় মলৰ সন্মুখত বিস্ফোৰণ ঘটোৱা হৈছিল।'লগতে কয় যে এনেকুৱা ঘটনা হ'লে অসমৰ ৰাইজজো আঘাতপ্ৰাপ্ত হ'ব।সুৰক্ষাকর্মী সুৰক্ষাৰ কামত সদায় নিয়োজিত থাকিব।
- Log in to post comments
- 20 views