লতাশিল থানাৰ পৰা আদালতত হাজিৰ গ্ৰেণেড বিস্ফোৰণত জড়িত দুই অভিযুক্তক 

latashil

নিউজ ডেস্ক :
গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণত নাম সাঙোৰ খাই গ্ৰেপ্তাৰ হোৱা জাহ্নৱী শইকীয়াৰ চিকাৰোক্তিৰ ভিত্তিত শুক্ৰবাৰে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই অভিযুক্ত ইন্দ্ৰমোহন বৰা আৰু চিন্ময় লস্কৰক আজি হাজিৰ কৰোৱা হয় কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীকৰ আদালতত। আজি পুৱাৰ ভাগত ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা দুয়ো গৰাকী অভিযুক্তকে গুৱাহাটীৰ লতাশিল আৰক্ষী থানালৈ অনা হৈছিল আৰু লতাশিল থানাত অসম আৰক্ষীৰ শীর্ষ বিষয়াই দুয়োগৰাকীৰ অভিযুক্তকে  সময়ত সোধ-পোছ কৰা বুলি জানিব পৰা গৈছে।

Your Comments