দেশ আৰু জাতিক ভালপোৱাটোৱেই যদি অপৰাধ তেন্তে মই অপৰাধী :প্ৰাণময় ৰাজগুৰু

raj

তপন বৰগোহাঁইৰ প্ৰতিবেদন


বুধবাৰে মহানগৰীত সংঘটিত হোৱা ভয়ংকৰ গ্ৰেণেড বিস্ফোৰণত  নাম সাঙোৰ খাই পৰা আলোচনাপন্থী আলফা নেতা প্ৰাণময় ৰাজগুৰু আৰু অভিনেত্ৰী জাহ্নৱী শইকীয়াক বুধবাৰে মহানগৰ আৰক্ষীয়ে পাঞ্জাবাৰীৰ এটা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পাছত আজি কটকটীয়া নিৰাপত্তাৰ মাজেৰে দুয়োগৰাকী অভিযুক্তকে একেলগে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়।আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে দুয়োকে লতাশিল থানা আৰু পাণবজাৰ মহিলা থানাৰে পৰা পোনে পোনে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ বাবে লৈ যোৱা  হয় মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ।।তাৰ পিছতে আবেলি ৪.৩০ বজাত দুয়োকে একেলগে হাজিৰ কৰোৱা হয় আদালতত।p raj


ইফালে,লতাশিল থানাৰ পৰা আদালতলৈ নিয়াৰ সময়ত প্ৰাণময় ৰাজগুৰুৱে সংবাদ মাধ্যমৰ আগত চিঞৰি কয়- 'সংগ্ৰাম অব্যাহত থাকিব। মোৰ দেশ,মোৰ মাটি,মোৰ জাতি,মোৰ স্বাভিমান। কোনো বিস্ফোৰক পদাৰ্থ মোৰ লগত নাই।মই মোৰ দেশ আৰু জাতিক ভাল পাওঁ।এই ভালপোৱাটোৱে যদি মোৰ অপৰাধ তেন্তে মই অপৰাধী।' ইয়াৰ উপৰিও তেওঁ কয়-'অসম ভাৰতৰ অংগ কোনো দিন নাছিল আৰু ভৱিষ্যতেও নাথাকে। স্বাধীনতাই আমাৰ একমাত্ৰ লক্ষ্য আৰু এই লক্ষ্য প্ৰাপ্তি হ'বই। কোনো দিনে এই সংগ্ৰাম থমকি নৰয়।' আনহাতে এই বিস্ফোৰণৰ সৈতে জড়িত হয় নে নাই বুলি সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয়-'মই সংগ্ৰামৰ লগত জড়িত, কিন্তু এই কূটাঘাটৰ  লগত জড়িত নহয়।'


আনহাতে,তেওঁলোকক আজি কামৰূপ জিলা ন্যায়িক দণ্ডাধীশৰ প্ৰথম শ্রেণীৰ এমবিবি আদালতত হাজিৰ কৰোৱা সময়।আদালতত হাজিৰ কৰোৱাৰ সময়ত  ভাড়াঘৰত উদ্ধাৰ হোৱা বিস্ফোৰক আৰু আপত্তিজনক সামগ্ৰীসমূহ আদালতত প্ৰদৰ্শন কৰা হয়। তাৰ পিছত আদালতৰ নির্দেশমৰ্মে  সামগ্ৰীসমূহ চীল কৰা হয়।ইফালে পুলিচে তদন্তৰ বাবে অভিযুক্ত দুয়োগৰাকীকে ১৪ দিনৰ নিজৰ জিম্মাত বিচাৰিছিল যদিও অভিযুক্তৰ পক্ষৰ অধিবক্তাৰ অনুৰোধত আদালতে ১০দিনৰ পুলিচৰ জিম্মালৈ দুয়োকে প্ৰেৰণ কৰে।ইফালে পুলিচৰ জিম্মাত থকাৰ সময়ত ৰাজগুৰু আৰু শইকীয়াক ৪৮ ঘণ্টাৰ মূৰে মূৰে স্বাস্থ্য পৰীক্ষা কৰাবলৈ আদালতে নিৰ্দেশ দিয়ে। খোৱা- বোৱা, সাজ-পোছাকৰ ব্যৱস্থা কৰাৰ  লগতে তেওঁলোকক পৰিয়ালৰ লোক আৰু অধিবক্তাই সাক্ষাৎ কৰিবলৈ বিচাৰিলে আৰক্ষীৰ জিম্মাত থকা সময়ত কৰিব পাৰিব বুলি নিৰ্দেশ দিয়ে বুলি জানিবলৈ দিয়ে অভিযুক্ত পক্ষৰ অধিবক্তা ভাস্কৰ দেৱ কোঁৱৰে।অধিবক্তাগৰাকীয়ে কয় যে দুটাকৈ গোচৰত দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰা হৈছে।সেই অনুসৰি হাতীগাঁও থানাৰ গোচৰ নম্বৰ ১৪৭/২০১৯ ধাৰা ১২১,১২১(এ), আইপিচি ১২২,১২৫(বি১)।
গীটানগৰ থানা গোচৰ নম্বৰ ২১০/২০১৯ ধাৰা ৩২৫/৩২৭/৩০৭ আইপিচি ৩/৫ এ.এছ এক্ট।
ইয়াৰ উপৰিও অধিবক্তা কোঁৱৰে কয় যে আজি অভিযুক্ত পক্ষৰ ফালৰ পৰা কোনো ধৰণৰ জামিন আবেদন দিয়া নাই। তেওঁলোকক পুনৰ অহা ২৭ মে'ত আদালতত হাজিৰ কৰোৱা  হ'ব।

Your Comments