নিউজ ডেস্ক :
লক্ষ্য যদি নিৰ্দিষ্ট হয় আৰু উদ্দেশ্য যেতিয়া মহৎ হয়, তেন্তে দাৰিদ্ৰতা কেতিয়াও হেঙাৰ হব নোৱাৰে।এই বাক্যশাৰীকে পুনৰবাৰ সত্য প্ৰমাণ কৰি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টংচনসহ তিনিটা বিষয়ত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক নম্বৰ লাভ কৰি উজ্জ্বলি উঠিল নুনমাটি জাতীয় বিদ্যালয়ৰ মেধাৱী ছাত্ৰী চিমী বৈশ্য।
গুৱাহাটীৰ মহানগৰীৰ হেঙেৰাবাৰী হৰিপুৰ পথৰ বাসিন্দা শচীন বৈশ্য আৰু বেনুকা বৈশ্যৰ কন্যা চিমি। মেধাৱী চিমীয়ে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছয়টা বিষয়তে লেটাৰ মাৰ্ক পোৱাৰ উপৰিও সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আৰু ঐচ্ছিক গণিতত মুঠ এশৰ ভিতৰত ১০০ নম্বৰ পোৱাৰ লগতে ৰাজ্যৰ ভিতৰতে তিনিটা বিষয়ত সৰ্বাধিক নম্বৰ লাভ কৰা ছাত্ৰী হিচাপে জিলিকি উঠিবলৈ সক্ষম হৈছে।
উল্লেখ যে মেধাৱী চিমিৰ পিতৃ এগৰাকী পাচলি ব্যৱসায়ী। পাচলি ব্যৱসায় কৰি ঘৰখন কোনোমতে পোহপাল দিয়াৰ লগতে পিতৃয়ে বহু কষ্টৰে নুনমাটি জাতীয় বিদ্যালয়ত অধ্যয়ন কৰাইছিল কন্যা চিমিক। কিন্তু অতি দুৰ্ভাগ্যজনকভাবে কথা কন্যাৰ এই সাফল্যৰ দিনটোতো পিতৃয়ে আজি আনন্দ কৰাৰ পৰিবৰ্তে শাৰীক অসুস্থতাৰ বাবে পৰি ৰ'ব লগা হৈছে বিছনাত।
ইফালে সুখ্যাতিৰে উত্তীণ হোৱা মেধাৱী চিমিয়ে আজি এই ফলাফলৰ বাবে পিতৃ-মাতৃ লগতে অসম জাতীয়বিদ্যালয়ৰ কৰ্তৃপক্ষক ধন্যবাদ জনায়। লগতে জাতীয় বিদ্যালয় কৰ্তৃপক্ষৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কয় অসম জাতীয় বিদ্যালয়ৰ কৰ্তৃপক্ষই মোক পঢ়া-শুনাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে। সেই বাবে আজি এই সফলতাৰ কৃতিত্ব "মোৰ মা-দেউতা আৰু বিদ্যালয়ৰ ছাৰ-বাইদেউ সকলৰহে"।
ইফালে ৰাজনীতি ভাল পোৱা মেধাৱী ছাত্ৰী গৰাকীয়ে ভৱিষ্যত দিনত অসম জাতীয় বিদ্যালয়তে বিজ্ঞান শাখাত নামভৰ্তি কৰিব বুলি জানিব দিয়ে।ইয়াৰ উপৰিও মেধাৱী চিমিয়ে কয় যে শীৰ্ষ দহৰ ভিতৰত স্থান পাম বুলি আশা কৰিছিলোঁ।তাৰ বাবে বিদ্যালয় খোলা থকাৰ দিনত ৬ৰ পৰা ৮ঘণ্টা আৰু বিদ্যালয় বন্ধ থকাৰ দিনত ১১ৰ পৰা১৪ঘণ্টা সময় অধ্যয়ন কৰিছিলোঁ।
আনহাতে কনিষ্ঠ সকল উদ্দেশ্য কৰি মেধাৱী ছাত্ৰী গৰাকীয়ে কয় সকলোৱে ভালকৈ পঢ়া,কষ্ট কৰিলে সুফল পায়। লগতে সমাজিক মাধ্যমৰ সন্দৰ্ভত চিমিয়ে কয় "ছচিয়েল মিডিয়া বেয়া নহয়,ইয়াৰ পৰা বহুতো শিকিব পাৰি।বেয়াটোক বাদ দি আমি ভালটোক সকলোৱে গ্ৰহণ কৰিব লাগে।ইফালে আজৰি সময়ত উপন্যাস পঢ়াৰ লগতে নাচি আৰু ছবি আঁকি ভাল পোৱা কথা অৱগত কৰে ছাত্ৰী গৰাকীয়ে।
- Log in to post comments
- 25 views