নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা,৯ মে':
নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী হাতীচোং মেধীচুকত বিগত বৰ্ষ সমুহৰ দৰে এইবাৰো হাতীচোং মেধীচুক বৰদৈচিলা ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত কাইলৈৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ ৪৭ সংখ্যক ৰঙালী বিহু উৎসৱৰ আয়োজন কৰা হৈছে ।
অহা ১০ আৰু ১১ মে'ত সপ্তম বৰদৈচিলা বিহুতলী অনুষ্ঠিত হব লগা বিহু উৎসৱটিৰ প্ৰথম দিনা পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, বিয়লি ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, সন্ধিয়া ৫ বজাত বোৱাৰীৰ সাজপাৰ প্ৰতিযোগিতা আৰু নিশা ৯ বজাৰ পৰা অসমীয়া গীতত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হব। নৃত্য প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ নগদ ৫০০১ টকা, দিত্বীয় পুৰস্কাৰ নগদ ২৫০১ টকা আৰু তৃতীয় পুৰস্কাৰ নগদ ১৫০১ টকা।
দিত্বীয় দিনা অৰ্থাৎ ১১ মে'ত দিনৰ এক বজাৰ পৰা স্ব ৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতা, বিয়লি তিনি বজাত মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান। সন্ধিয়া ৫ বজাত মুকলি কুইজ প্ৰতিযোগিতা, সন্ধিয়া ৮ বজাত আমন্ত্ৰিত বিহু দলৰ দ্বাৰা বিহু নৃত্য প্ৰদৰ্শন আৰু নিশা ১০ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ।সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰিব গলিব ৰাজ আৰু ইন্দুশ্ৰী কলিতাই। বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতি অৰুণ চন্দ্ৰ দাস আৰু সাধাৰণ সম্পাদকদ্বয় বিকাশ দাস আৰু বৰ্নব মহন্তই বিহুৰ সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিত আৰু সহায় সহযোগিতা কামনা কৰিছে।
- Log in to post comments
- 16 views