মৰিগাঁৱৰ পৰা জিতুমণি নাথ
এপিএচচি কেলেংকাৰিক লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰি থকা কঠোৰ পদক্ষেপৰ মাজতেই আজি মৰিগাঁৱত এজন কৃষি বিষয়া তদন্তকাৰী বিষয়াৰ হাতত গ্ৰেপ্তাৰ হ'বলগীয়া হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।ধনৰ বিনিময়ত চাকৰি ক্ৰয় কৰি গ্ৰেপ্তাৰ হ'বলগীয়া হোৱা এপিএচ চি বিষয়াজনৰ নাম হৈছে মৃগেন হালৈ। মৃগেন হালৈ চিৰাং জিলাৰ কৃষি বিভাগৰ খণ্ড কৃষি বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।
উল্লেখ্য যে কৃষি বিষয়া হালৈৰ বিৰুদ্ধে গুৱাহাটীৰ ভঙাগড়ৰ থানাত ১৫৯/১৭ নম্বৰ এটা গোচৰ পঞ্জীয়ন হৈ আছিল। এই গোচৰৰ ভিত্তিতে এপিএচচি কেলেংকাৰীৰ তদন্তত থকা আইঅ' তথা মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু পানেশ্চৰ সিং নামৰ আন এজন তদন্তকাৰী বিষয়াই সোধপোছৰ বাবে কৃষি বিষয়া মৃগেন হালৈক মৰিগাঁৱলৈ মাতে।তদন্তৰ অন্তত হালৈক গ্ৰেপ্তাৰ কৰে।
এটা বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে ধনৰ বিনিময়ত চাকৰি ক্ৰয় কৰা আৰু কেইবাজনো এপিএচচি বিষয়া শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে।
- Log in to post comments
- 21 views