নলবাৰী,৭মেঃ
পুৰীত প্ৰাকৃতিক দুৰ্যোগৰ মুখামুখি হোৱা প্ৰথমটো তীৰ্থযাত্ৰীৰ দল উপস্থিত নলবাৰীত। ৰে’লৰ পৰা নামিয়েই চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ভুক্তভোগী তীৰ্থযাত্ৰীসকলে। নলবাৰী বিভিন্ন স্থানৰ পৰা পুৰীলৈ যোৱা দলটোত আছিল ২৯ গৰাকী তীৰ্থযাত্ৰী। আজি ৰে’লেৰে নলবাৰী ৰে’লৱে ষ্টেচনত উপস্থিত হয় তীৰ্থযাত্ৰীৰ দলটো।
দলটোৰ আটাইকেইগৰাকীয়ে মহিলা তীৰ্থযাত্ৰী। দুৰ্যোগৰ সময়ত চৰকাৰৰ পৰা সঁহাৰি নোপোৱাৰ অভিযোগ তীৰ্থযাত্ৰীসকলৰ। সাগৰীয় কাল ধুমুহা ‘ফণী’ প্ৰত্যক্ষ কৰি আতংকিত হোৱা তীৰ্থযাত্ৰীসকলৰ চকুত এতিয়াও ভাঁহি আছে সেই ধ্বংসলীলা।আনহাতে টিহু,মাখিবাহা অঞ্চলৰো ৩২জনকৈ যাএী তাত আবদ্ব হৈ আছিল যদিও তেওলোকে বাছ যোগে কালি বিয়লি ভাগতহে নলবাৰী আহি পাৱ ।
- Log in to post comments
- 15 views