ৰামনাথপুৰত অসমৰ ভিতৰলৈ আহি ছাইনব'ৰ্ড লগাই গ'ল মিজোৰামৰ ছাত্ৰ সংগঠনে:তীব্ৰ প্ৰতিক্ৰিয়া

mizoram

বৰাকৰ পৰা আব্দুল আলিম চৌধুৰী

হাইলাকান্দি জিলাৰ কাটলিছড়া বিধানসভা সমষ্টিৰ ৰামনাথপুৰ আৰক্ষী চকীৰ অন্তর্গত সীমান্তৰ পৰা দুই কিলোমিটাৰ ভিতৰত মিজোৰামৰ এটা ছাত্ৰ সংগঠনে ছাইনব'ৰ্ড লগাই যোৱাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।সোমবাৰে পুৱাৰ ভাগত এখন ছাইনব'ৰ্ড লগাই থৈ যায় 'এমজেডপি' নামৰ মিজোৰামৰ ছাত্র সংগঠনটোৱে।


পিছলৈ এই বিষয়ে খবৰ পাই ঘাড়মূড়া ফৰেস্ট ৰেঞ্জ অফিচাৰ এল এম সিংহই অসম আৰক্ষীৰ সহযোগত ছাইনব'ৰ্ডখন  জব্দ কৰি লৈ যায়।ইয়াৰ পিছত উত্তপ্ত পৰিস্থিতিৰ অৱসান ঘটে

Your Comments