বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ
আজি বৰপেটাৰোডত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়।উক্ত সভাত এবিভিপিৰ বিভাগ প্ৰচাৰক ৰমেশ উদুথা,বৰপেটা জিলাৰ সংযোজক ৰাজু সূত্ৰধৰ , ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যা মেঘালী শইকীয়া,বৰপেটা ৰোডৰ সম্পাদক স্বৰূপ সাহাৰ লগতে বহুতো কাৰ্যকৰ্তা উপস্থিত থাকে।সভাখনত আলোচনা হয় যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে জন্মলগ্নৰে পৰা ৰাজনৈতিক সচেতনতা আৰু দায়বদ্ধতা অৰাজনৈতিকভাৱে পালন কৰি সজাগতাৰ সৃষ্টি কৰি আহিছে।
নাগৰিকসকলক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সজাগতাৰ সৃষ্টি কৰিছে।'নোটা'ৰ জৰিয়তে নিজৰ ভোটাধিকাৰ নষ্ট কৰা,ভোটাৰক প্ৰলোভন দিয়া,ভোটাৰক ভাবুকি দিয়া,জাতি-ধৰ্ম-বৰ্ণ আদিৰ বিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধেও বিদ্যাৰ্থী পৰিষদে সজাগতামূলক কাৰ্য্যসূচী গ্ৰহণ কৰিছে।
এইবাৰ লোকসভা নিৰ্বাচনত ভোটাৰ ৰাইজক সেনাৰ সন্মানৰ বাবে, মহিলাৰ সুৰক্ষাৰ বাবে, সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে, ভাৰতক শ্ৰেষ্ঠৰ আসনত অধিষ্ঠিত কৰিবলৈ দৰিদ্ৰতা নিৰ্মূল আৰু শিক্ষাৰ বিকাশৰ বাবে,দেশক সুৰক্ষা দিব পৰা এজন শক্তিশালী প্ৰধানমন্ত্ৰী পাবলৈ অসমৰ ৰাইজক ভোটদান কৰিবলৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বৰপেটাৰোড শাখাই অনুৰোধ জনাইছে।এবিভিপিয়ে এইবাৰ 'নেচন ফাৰ্ষ্ট,ভোটিং মাষ্ট' শ্লোগানেৰে এশ শতাংশ ভোটদানৰ বাবে কাৰ্যসূচী আৰম্ভ কৰিছে।
- Log in to post comments
- 30 views