বঙাইগাঁৱৰ পৰা প্ৰণৱ কুমাৰ ডেকা
আজিৰে পৰা বঙাইগাঁৱৰ পুৰণি বঙাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীয়ে দুদিনীয়া কাৰ্যসূচীৰে অসমীয়া ৰঙালী বিহু উদযাপন আৰম্ভ কৰিছে।পুৰণি বঙাইগাঁওস্থিত ৰঘূনাথ মন্দিৰ খেলপথাৰত ৰঙালী বিহু উদযাপন হৈছে। ১৭ এপ্ৰিলৰ পুৱা পুৰণি বঙাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ সভাপতি গিৰিশ বৰুৱাই পতাকা উত্তোলনেৰে বিহুৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছে।পৰৱৰ্তী পৰ্যায়ত শ্ৰীশ্ৰীৰঘূনাথ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি হৰেশ্বৰ নাথে শ্বহীদ তৰ্পণ কৰে ৷ আনহাতে বন্তি প্ৰজ্বলন কৰে বঙাইগাঁও হাইস্কুলৰ প্ৰধান শিক্ষক চন্দন কিশোৰ ৰায়ে ৷ পুৱাৰ ভাগৰ অন্যান্য কাৰ্যসূচীৰ ভিতৰত স্থানীয় জ্যেষ্ঠ ব্যক্তিসকলৰ সম্বৰ্ধনা অনুষ্ঠান আৰু খেল - ধেমালি অনুষ্ঠিত হয়৷ খেল-ধেমালি উদ্বোধন কৰে প্ৰাক্তন কৃতি খেলুৱৈ মহেশ চৌধুৰীয়ে ৷
সন্ধিয়া অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠান ।সাংস্কৃতিক অনুষ্ঠানত স্থানীয় ন-পুৰণি শিল্পীৰ লগতে বৰষা বৰাই সংগীতানুষ্ঠান পৰিৱেশন কৰিব ৷
ইপিনে,১৮ এপ্ৰিলৰ পুৱাৰ ভাগত খেল - ধেমালি, দুপৰীয়া মহিলাৰ ৰছী টনা খেল আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ৷ সাংস্কৃতিক অনুষ্ঠানত স্থানীয় শিল্পীৰ লগতে জনপ্ৰিয় কন্ঠশিল্পী সুবাসনা দত্ত আৰু পংকজ দুৱৰাই গীত পৰিৱেশন কৰিব।
- Log in to post comments
- 19 views