বঙাইগাঁৱত সাংবাদিকৰ গৃহত চুৰি

t

বঙাইগাঁৱৰ পৰা প্ৰণৱ কুমাৰ ডেকা

 

বঙাইগাঁও  চহৰৰ ১৭ নম্বৰ ৱাৰ্ড তথা দুই নম্বৰ ৰেল গে'টৰ সমীপৰ নিবাসী শিৱাণী ভৌমিকৰ বাসগৃহত  সোমবাৰৰ বিয়লিৰ ভাগত চুৰিৰ ঘটনা সংঘটিত হয় ৷ শিৱাণী ভৌমিক কলকাতাত আত্মীয়ৰ ঘৰত থকাৰ বিপৰীতে সাংবাদিক পুত্ৰ- বোৱাৰীয়ে পহিলা ব'হাগ উপলক্ষে নিউ বঙাইগাঁও বিজি কলনিৰ দোকানত পূজা কৰাৰ বাবে যোৱাৰ সময়তে ঘৰত কোনো নথকাৰ সুযোগত চোৰৰ দলে  চুৰি কাণ্ড সংঘটিত কৰে ৷ 


জানিব পৰা মতে, শিৱাণী ভৌমিকৰ গৃহত বিয়লিৰ ভাগত চোৰৰ দলে দেৱাল বগাই প্ৰৱেশ কৰাৰ লগতে ঘৰৰ দুৱাৰৰ তলা ভাঙি সোমায় ৷ ঘৰৰ ভিতৰত চোৰৰ দলে পৰিয়ালটোৰ শ্ব'কেজ,ষ্টিল আলমিৰা ভঙাৰ লগতে বস্তু- বাহানি লণ্ডভণ্ড কৰে ৷ 


গধূলি পৰিয়ালটোৰ সদস্য তথা 'দৈনিক যুগশংখ' কাকতৰ বঙাইগাঁৱৰ প্ৰতিনিধি  জ্যোতিৰ্ময় ভৌমিক পৰিয়ালসহ দোকানৰ পৰা অহাৰ পিছতহে চুৰি হোৱা ঘটনা পোহৰলৈ আহে ৷ জানিব পৰা মতে, চোৰৰ দলে ষ্টিল আলমিৰাত থকা নগদ কুৰি হেজাৰ টকা, অনুমানিক চল্লিশ হেজাৰ টকা মূল্যৰ সোণৰ অলংকাৰ লুট কৰি নিয়ে ।

 ঘটনা সন্দৰ্ভত সাংবাদিক জ্যোতিৰ্ময় ভৌমিকে বঙাইগাঁও সদৰ থানাত এক এজাহাৰ দাখিল কৰিছে ৷

Your Comments