মৰিগাঁৱৰ পৰা জিতুমণি নাথ
মৰিগাঁও জিলাত ভোটাৰ ৰাইজক সজাগ আৰু সচেতন কৰিবলৈ জিলা প্ৰশাসনে বিভিন্ন পন্থা অৱলম্বন কৰি থকাৰ মাজতেই জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ প্ৰচেষ্টাত ১৫ এপ্ৰিলত মৰিগাঁৱত ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰতীক চিহ্ন সম্বলিত 'সজাগতা' শীৰ্ষক এখন বিশেষ গামোচা উন্মোচন কৰা হয়।
ব্যাপক হাৰত ভোটদানৰ বাবে ভোটদাতাক সজাগ কৰাৰ লক্ষ্যৰে বিহুৰ বতৰতে স্থানীয় শিপিনী তথা কুশতলী গাৱঁৰ বসুমতী পাটৰে বৈ উলিওৱা ৪০ ফুট দৈৰ্ঘৰ এখন বিশেষ গামোচা উন্মোচন কৰা হয় ৷ মৰিগাঁও জিলা উপায়ুক্তৰ সভাগৃহত ভাৰতীয় নিৰ্বাচন আয়োগৰ প্ৰতীকচিহ্ন সম্বলিত বিশেষ গামোচাখনৰ
উন্মোচনী অনুষ্ঠানত নগাঁও লোকসভা সমষ্টিৰ পৰ্যবেক্ষক ডাঃ ৰবি কুমাৰেও অংশ গ্ৰহণ কৰে।গামোচাখনৰ উন্মোচনী অনুষ্ঠানত জিলা উপায়ুক্ত ঋতুৰাজ বৰা, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা,অতিৰিক্ত উপায়ুক্ত ডাঃ তহিদুৰ ৰহমান,লক্ষ্মীনন্দন চহৰীয়া,অৰূপ পাঠক,জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়া, চক্ৰ বিষয়াসকল আৰু নিৰ্বাচনী কোষৰ বিষয়াসকলো উপস্থিত থাকে। উল্লেখ্য যে বসুমতী পাটৰ নামৰ শিপিনীগৰাকীয়ে ইয়াৰ পূৰ্বেও মৰিগাঁৱত অনুষ্ঠিত হোৱা ৮৮ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশনত ৮৮ ফুট দৈৰ্ঘৰ এখন বৃহৎ গামোচা বৈ উলিয়াইছিল।
- Log in to post comments
- 12 views