ঐতিহাসিক ৰাঙলী আইদেউ মৈদামৰ সমীপত সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

ঐতিহাসিক ৰাঙলী আইদেউ মৈদামৰ সমীপত সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

হাজাৰোধিক ৰাইজৰ উপস্থিতিত আজি গোলাঘাটৰ তৰফাট আহোম গাঁৱৰ ঐতিহাসিক ৰাঙলী আইদেউ মৈদামৰ সন্মুখত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে বৰ্তমানৰ চৰকাৰক বিশ্বাসঘাতক চৰকাৰ আখ্যা দি নিৰ্বাচনী প্ৰচাৰ চলায়। পদুমনি ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত নিৰ্বাচনী সভাখনিত সাংসদগৰাকীয়ে ১৬ মে'ৰ পাছত ৰাজ্যত এজনো বিদেশী নাথাকিব বুলি প্ৰতিশ্ৰুতি দি এক কথাত অসমীয়া জাতিক কৰা প্ৰতাৰণাকো তীব্ৰ ভাষাৰে সমালোচনা কৰে। কথা দি কথা ৰাখিব নোৱাৰা এই চৰকাৰক এককথাত বিজেপিৰ ঠাইত ভাৰতীয় বিশ্বাসঘাতক পাৰ্টী বুলিহে মন্তব্য কৰে।

আনহে নালাগে আজিলৈকে এজনো বিদেশী খেদিবলৈ সক্ষম নোহোৱা চৰকাৰখনে আজিৰ তাৰিখত বিদেশী আগমনৰ বাবে ৰঙা দলিচা পাৰি দিয়া বুলিও কটাক্ষ কৰে। তীব্ৰ ভাষাৰে সমালোচনা কৰি সাংসদগৰাকীয়ে ৰাফেল কেলেংকাৰীৰ দৰে দেশৰ অন্যতম বিয়াগোম কেলেংকাৰীত জড়িত এই চৰকাৰ কেৱল ধনী মানুহৰ চৰকাৰ বুলি কোৱাৰ লগতে দুখীয়াৰ চৰকাৰ নহয় আৰু দুখীয়াৰ হিতৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ আনে।

কেৱল দেশৰ ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলক কোটি কোটি টকা ঋণ দি, ঋণ পৰিশোধ নকৰি একপ্ৰকাৰ অৰ্থনৈতিক দিশত দেশখনক বহুদূৰ পিছুৱাই নিয়া বুলিহে উল্লেখ কৰে। আজিৰ এই নিৰ্বাচনী সভাত যুৱ সাংসদজনক সংগ দিয়ে প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰা, গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগে।

Your Comments