বৰপেটাৰোডৰ পৰা ৰণজিত তালুকদাৰ
চৰকাৰী ভাষা আইন অনুসৰি অসমত মাতৃভাষা আৰু ৰাজ্যভাষাৰ যথার্থ প্রয়োগৰ বাবে অসম সাহিত্য সভাই ৰাজ্য চৰকাৰক পূর্বৰ দৰে আহ্বান জনোৱাতে ক্ষান্ত নাথাকি বিভিন্ন বিভাগীয় মুৰব্বী, জিলা উপায়ুক্তসকলক পৃথকে পৃথকে হেঁচা প্রয়োগ কৰাৰ সময়তে শনিবাৰে বিহু উদযাপন সমিতিসমূহৰো সহযোগ বিচাৰিলে অসম সাহিত্য সভাই। সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশী আৰু প্রধান সম্পাদক পদুম ৰাজখোৱাই শনিবাৰে এটা বিজ্ঞপ্তিত জাতি আৰু ভাষাৰ সংকটকালত সকলোৰে সচেতন ভূমিকা অপৰিহাৰ্য হৈ পৰিছে বুলি উল্লেখ কৰি কয় যে মাতৃভাষা আমাৰ জন্মস্বত্ব, আমাৰ মৌলিক অধিকাৰ।
এই কথা অনুধাৱন কৰি ৰাষ্ট্ৰসংঘয়ো মাতৃভাষাসমূহৰ ৰক্ষাৰ হকে বিশেষ উদ্যোগ গ্রহণ কৰিছে। অথচ আমাৰ ৰাজ্যখনত চৰকাৰখনৰ সোপাঢিলা নীতিৰ কাৰণেই চৰকাৰী ভাষাৰ যথোচিত প্রয়োগ অদ্যাপি হৈ উঠা নাই। অসমৰ বাহিৰে ভাৰতৰ আন সকলো ৰাজ্যতে প্রশাসন যন্ত্ৰৰ পৰা আৰম্ভ কৰি দোকান-পোহাৰৰ নামফলকলৈকে সকলাতে সর্বসম্মতভাৱে কেৱল ৰাজ্য ভাষাৰে প্ৰয়োগ চলি আছে। একমাত্র অসমতে তাৰ ব্যতিক্রম হোৱাটো সমগ্র জাতিটোৰ কাৰণে অত্যন্ত দুর্ভাগ্যজনক বুলি উল্লেখ কৰি বিবৃতিটোত কোৱা হৈছে— ভাষা হ’ল এটা জাতিৰ স্বাভিমান, জাতীয় জীৱনৰ মূলাধাৰ।
লোক-সাহিত্য, লোক-সংস্কৃতিৰো মূল ভেটি হৈছে মাতৃভাষা। অসমৰ বিহু উদ্যাপন সমিতিসমূহে যিহেতু অসমৰ লোক-সংস্কৃতি ৰক্ষাৰ বাবেই কাম কৰি আহিছে, সেয়ে এইবেলি বিহুতলীত লোককৃষ্টি, লোক-পৰম্পৰাৰ লগতে মাতৃভাষা ৰক্ষাৰ হকেও সকলোকে সংকল্প গ্রহণ কৰিবলৈ বিনম্রভাৱে অনুৰোধ জনাইছে অসম সাহিত্য সভাই। বিবৃতিটোত অসম সাহিত্য সভাই ২০১৯ বৰ্ষটো মাতৃভাষাৰ সংকল্প বর্ষ হিচাপে পালন কৰাৰ কথা ঘোষণা কৰি এইক্ষেত্ৰত অসমৰ নগৰে-চহৰে, গাঁৱে-ভূঞে তথা আন প্ৰান্তত বিহু উৎসৱ পালন কৰা বিহু উদ্যাপন সমিতিসমূহক সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছে।
- Log in to post comments
- 10 views