হাউলীৰ পৰা দিদাৰ হুছেইন
অসমৰ সত্র সংস্কৃতিৰ প্ৰতিষ্ঠাপক বৈদিক সনাতন ভাগৱতী বৈষৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰদেৱৰ ধৰ্মীয় আদৰ্শ, দৰ্শন প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যে গঠিত হোৱা সদৌ অসম দেৱদামোদৰ সংঘৰ চতুৰ্দশ দ্বিবাৰ্ষিক অধিৱেশনখন অহা ৩০ আৰু ৩১ মাৰ্চত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে বৰপেটা জিলাৰ হাউলীৰ ৰাস মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে| ইয়াৰ লগত সংগতি ৰাখি ডঃ ভূপেন দাসক সভাপতি, তৰণী কুমাৰ পাঠকক কাৰ্যকৰী সভাপতি, নগেন দাস আৰু ধ্বজেন শৰ্মাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে| অধিৱেশনৰ সকলো কাৰ্যসূচীতে ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে সদৌ অসম দেৱদামোদৰ সংঘৰ সভাপতি হৰেন্দ্ৰ নাথ ডেকা আৰু সম্পাদক শশীমোহন শৰ্মাই|
- Log in to post comments
- 9 views