গোলাঘাটৰ পৰা মীনাক্ষী ফুকন
আজি গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অসমৰসকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, প্ৰতিষ্ঠানত মাতৃভাষাৰ যথাযথভাৱে প্ৰয়োগৰ বাবে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ এক প্ৰতিনিধি দলৰ সৈতে গোলাঘাটৰসকলো চৰকাৰী বিভাগ, দল-সংগঠন, জিলা সাহিত্য সভা, শাখা সাহিত্য সভা, চেম্বাৰ্চ অৱ কমাৰ্চ আদি অনুষ্ঠানৰ বিষয়ববীয়াৰ লগত এক আলোচনাত মিলিত হয়।
অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাখনিত গোলাঘাটৰ নৱ নিযুক্ত উপায়ুক্ত ধীৰেণ হাজৰিকাক অসম সাহিত্য সভাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় । উল্লেখ্য যে উপায়ুক্তগৰাকীয়ে অসমীয়া জাতি সত্বা জীয়াই ৰখাৰ স্বাৰ্থত অসম সাহিত্য সভাই গ্ৰহণ কৰা এই পদক্ষেপক আদৰণি জনোৱাৰ লগতে চৰকাৰী বিভাগসমূহৰ মূৰব্বী বিষয়াসকলক ভাষানীতি অনুসৰি সকলো কামকাজত অসমীয়া ভাষা ব্যৱহাৰৰ নিৰ্দেশ দিয়ে।
- Log in to post comments
- 16 views