ড্ৰাগচ আৰু অবৈধ বিলাতী সুৰাৰ ঘাটিত পৰিণত নলবাৰী 

ss

নলবাৰীৰ পৰা হেমন্ত কলিতা

ড্ৰাগচৰ ঘাটিত পৰিণত হৈছে সমগ্ৰ নলবাৰী । বুধবাৰে নিশা নলবাৰীৰ হৰিপুৰত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু কৰেক্স জব্দ কৰে নলবাৰী আৰক্ষীয়ে। নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতাই এক গোপন সূত্ৰৰ পম খেদি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ হৰিপুৰত নিশা জব্দ কৰে এই চোৰাং ড্ৰাগছ।

গোপন সূত্ৰৰ ভিত্তিত তালাচী চলাই ড্ৰাগছ ব্যৱসায়ী ৰিকি আলী আৰু ৰফিক আহমেদক আটক কৰাৰ লগতে বৃহৎ পৰিমানৰ নিচাযুক্ত টেবলেট, কৰেক্স আৰু নগদ দুই লাখ সত্তৰ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয় নলবাৰী আৰক্ষী ।

বিগত মাহটোতে চাৰিটাকৈ ড্ৰাগচৰ ঘাটি উচ্ছেদ কৰা হয় নলবাৰীত ৷ ইফালে জিলাখনৰ গ্ৰামাঞ্চললৈ দৈনিক বিলাতী সুৰা চালান দি আহিছে  এটা দুষ্ট চক্ৰই ৷ অসম চৰকাৰৰ এটা বিয়াগোম আবকাৰী বিভাগ থকাৰ পিছতো দৈনিক প্ৰচুৰ পৰিমাণৰ সুৰা যোগান ধৰি আহিছে গ্ৰামাঞ্চলৰ সৰু-বৰ দোকানবোৰলৈ ।চকুমুদা কুলিৰ ভূমিকা পালন কৰিছে আবকাৰী বিভাগে৷

Your Comments