চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি৷ এই আপ্ত বাক্যশাৰীক সত্য প্ৰমাণিত কৰি অৱশেষত গা লৰিল নগাঁও আবকাৰী বিভাগৰ। কিয়নো গোলাঘাট, যোৰহাট, তিতাবৰত বিষাক্ত সুৰা সেৱন কৰাৰ ফলত শতাধিক লোকৰ প্ৰাণহানি ঘটাৰ পিছত হঠাৎ তৎপৰতা প্ৰদৰ্শন কৰে ঘোৰ টোপনিত নিদ্ৰামগ্ন নগাঁও আবকাৰী বিভাগ। দীৰ্ঘদিন ধৰি অবৈধ সুৰাৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ গ্ৰহণ নকৰা জিলা আবকাৰী বিভাগে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ কাঢ়া নিৰ্দেশত আজি নগাঁৱত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। বিভাগটোৱে নগাঁও চহৰকে ধৰি ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত আজি পুৱাৰে পৰাই অভিযান চলাই অবৈধ সুৰা বেপাৰীৰ লগতে সুৰা সেৱন কৰা ৯জনকৈ লোকক গ্ৰেপ্তাৰ কৰে।
নগাঁও আবকাৰী বিভাগৰ অধীক্ষক মানৱী দাস, উপ-অধীক্ষক মনোজ চহৰীয়া, পৰিদৰ্শক ইমদাদ হুছেইনৰ নেতৃত্বত যোৱা আবকাৰী বিভাগৰ এটা দলে নগাঁও চিভিল গে'ট, ফৌজদাৰী পট্টী, হৰিজন কলনী, মৰিকলং, কাঠমিল চাৰিআলি, ডিমৰুগুৰি আদিত অভিযান চলাই কে'বাজনো অবৈধ সুৰা ব্যৱসায়ী আৰু সুৰা সেৱন কৰা লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোককেইজন হ'ল শ্বকিব আনছাৰী, কিংকু শইকীয়া, শিৱম সূত্ৰধৰ, দুলাল আলী, ৰাজেশ, আনোৱাৰ হুছেইন, আব্দুল হামিদ, চবিন পাচী আৰু জীতেন হাজৰিকা। লগতে আবকাৰী বিভাগে এই অঞ্চলসমূহৰ পৰা বুজন পৰিমাণৰ অবৈধ সুৰা জব্দ কৰে।
উল্লেখ্য যে নগাঁও জিলাৰ ৰাইদঙিয়া, বটদ্ৰৱা, পাঠৰি, ৰূপহী, গটঙা, ভেলগুৰি, গড়াজান, জুৰীয়া বজাৰ, গৰেমাটি খোৱা, বঢ়মপুৰ, বৰবাৰী, চাপানালা, কঠীয়াতলি, কামপুৰ, সুঁতিৰপাৰ, ইটাপাৰা, জাজৰি, ধিং, ৰহা, ফুলগুৰি, বেবেজীয়া, চাপৰমুখ, আমচৈ, কন্দলি, গেন্ধালি, জখলাবন্ধা, বুঢ়া পাহাৰ, ছালনা, মিছাকে ধৰি বিভিন্ন অঞ্চলৰ লগতে জিলাখনৰ ২৪খনৰো অধিক চাহ বাগিচাত চুলাই মদৰ ৰমৰমীয়া বেহা অব্যাহত আছে। আনকি জিলাখনৰ কেইবা স্থানতো একাংশ লোকে চুলাই মদ প্ৰস্তুত কৰি টেম্পো, ৰে'লৰ জৰিয়তে নগাঁও চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চললৈ সৰবৰাহ কৰি আহিছে। এনেবোৰ অবৈধ সুৰাৰ ঘাটি উচ্ছেদ কৰাৰ বাবে স্থানীয় সচেতন ৰাইজে বিভিন্ন সময়ত জিলাখনৰ আবকাৰী বিভাগ আৰু আৰক্ষী প্ৰশাসনক দাবী জনাইছে আহিছে যদিও বিভিন্ন অজুহাত দেখুৱাই এই ক্ষেত্ৰত দৃঢ় পদক্ষেপ লোৱাৰ পৰা বিৰত আছে।
সৰ্বসাধাৰণ ৰাইজতো দূৰৰে কথা অবৈধ সুৰাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে সাংবাদিকেও অনুৰোধ জনালেও ইমান দিনে আবকাৰী বিভাগৰ গা লৰাব পৰা নাই বুলি আজি সংবাদ মহলত ব্যাপক চৰ্চা লাভ কৰিছে। উজনি অসমৰ গোলাঘাট, যোৰহাট জিলাৰ কে'বাস্থানত বিষাক্ত সুৰা সেৱন কৰাৰ ফলত সমগ্ৰ ৰাজ্যবাসীক শোকাকুল কৰি তোলাৰ মুহূৰ্তত নগাঁৱৰ সচেতন মহলে জিলাখনৰ বিভিন্ন প্ৰান্তত চলি থকা অবৈধ সুৰাৰ ব্যৱসায় বন্ধ কৰিবলৈ জিলা প্ৰশাসনক তীব্ৰ দাবী উত্থাপন কৰিছে। ৰাইজৰ মতে, গোলাঘাট-যোৰহাট কাণ্ডৰ পৰা আবকাৰী বিভাগ আৰু আৰক্ষী বিভাগে শিক্ষা লোৱা উচিত। নহ'লে নগাঁও জিলাতো যে এনে কাণ্ডৰ উদ্ভৱ নহ'ব তাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। উল্লেখ্য যে দুবছৰ পূৰ্বে মিছাত বিষাক্ত সুৰা সেৱন কৰি দুজন লোকৰ মৃত্যু হৈছিল।
- Log in to post comments
- 110 views