সমগ্ৰ দেশ, ৰাজ্যৰ লগতে নগাঁও জিলাৰ উচ্চ শিক্ষানুষ্ঠান মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগতো বিশ্ব মাতৃভাষা দিৱস উদ্যাপন কৰা হয়৷ পুৱাৰ ভাগত বিভাগৰ অধ্যাপক-শিক্ষাৰ্থীসকলে পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰি ভাষাতো কওঁতে আৰু লিখোঁতে সততে হৈ থকা ভুল শব্দসমূহৰ বেনাৰ প্ৰস্তুত কৰি প্ৰতিটো বিভাগকে প্ৰদান কৰাৰ সমান্তৰালভাৱে ভুল শব্দ, বাক্যৰ গাঁঠনিগত ভুলৰ শুদ্ধ ৰূপ পোষ্টাৰৰ জৰিয়তে বিশ্ববিদ্যালয়ৰ চৌহদতো প্ৰদৰ্শন কৰে৷
বিয়লি বিভাগটোৰ লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য চ’ৰাৰ সম্পাদক হিৰণ্য বৰাই আঁতধৰা 'বিশ্ব মাতৃভাষা দিৱসৰ চিন্তা' শীৰ্ষক অনুষ্ঠানটি বিভাগৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা পৰিৱেশিত সমবেত সংগীতেৰে শুভাৰম্ভ কৰা হয়৷ অনুষ্ঠানটিত বিশ্ব মাতৃভাষা দিৱসৰ তাৎপৰ্য, সাম্প্ৰতিক সময়ত মাতৃভাষাৰ অৱস্থা আৰু বিশেষকৈ অসমীয়া ভাষাৰ সম্পৰ্কত চিত্তাকৰ্ষক আৰু মনোজ্ঞ ভাষণ প্ৰদান কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য, অধ্যাপক কন্দৰ্প কুমাৰ ডেকা, অসমীয়া বিভাগৰ ভাৰপ্ৰাপ্ত মুৰব্বী লভিতা দত্ত আৰু সাহিত্য চ’ৰাৰ প্ৰতিষ্ঠাপক সম্পাদক, প্ৰাক্তন ছাত্ৰ গৌৰী প্ৰসাদ শৰ্মাই৷ অনুষ্ঠানত ভাৰপ্ৰাপ্ত পঞ্জীয়ক ডঃ দিনমণি ঠাকুৰীয়া, অসমীয়া বিভাগৰ অধ্যাপক ডঃ যাদবেন্দ্ৰ বৰা, শ্যামলী দলৈৰ লগতে বিশ্ববিদ্যালয়ৰ সমূহ অধ্যাপক-অধ্যাপিকা, বিষয়া-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে৷
- Log in to post comments
- 16 views