সাংবাদিক চিকিৎসা কল্যাণ আঁচনিৰ অধীনত আজি নগাঁৱত দুজন সাংবাদিকক চিকিৎসা সেৱা গ্ৰহণৰ আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰা হয়। আজি নগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত চেক বিতৰণ কৰি জিলা উপায়ুক্ত যাদৱ শইকীয়াই অসম চৰকাৰে সাংবাদিকৰ কল্যাণৰ হকে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে। উপায়ুক্তগৰাকীয়ে এই আঁচনিৰ দ্বাৰা সাংবাদিকসকল কিছু পৰিমাণে হ'লেও উপকৃত হ'ব বুলি উল্লেখ কৰি কয় যে সাংবাদিকসকলে চৰকাৰে গ্ৰহণ কৰা আঁচনিৰ সুযোগ গ্ৰহণ কৰা উচিত।
এই অনুষ্ঠানতেই প্ৰতিদিন টাইম আৰু পূৰ্বাঞ্চল প্ৰহৰীৰ নগাঁৱস্থিত সাংবাদিক ক্ৰমে বিৰেন বৰাক ৫০,০০০ হাজাৰ আৰু ৰবীন্দ্ৰ শ্বাহক ২৫,০০০ হাজাৰ টকা চিকিৎসাৰ আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে। অনুষ্ঠানত জিলা জনসংযোগ বিষয়া সমৰ কলিতাই সাংবাদিক চিকিৎসা কল্যাণ আঁচনিৰ বিষয়ে বিৱৰি কয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি নগাঁৱৰ সাংবাদিকসকলে চৰকাৰৰ এই পদক্ষেপক আদৰণি জনায়। উল্লেখ্য যে নগাঁও জিলাত চলিত বিত্তীয় বৰ্ষত ৫জন সাংবাদিকে এই সুবিধা লাভ কৰিছে।
- Log in to post comments
- 12 views