সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যখনৰ আন সংসদীয় সমষ্টিৰ লগতে নগাঁও সংসদীয় সমষ্টিতো প্ৰাৰ্থিত্ব প্ৰয়াসীসকলে নিজৰ নিজৰ প্ৰাৰ্থিত্ব লাভৰ বাবে ৰাজনৈতিক দলসমূহৰ শীৰ্ষ নেতৃত্বৰ ওচৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। নগাঁও সংসদীয় সমষ্টিত কংগ্ৰেছ, বিজেপি, এআইইউডিএফে ইতিমধ্যেই কুচ-কাৱাজ আৰম্ভ কৰিছে। কংগ্ৰেছ দলৰ পৰা প্ৰাক্তন মন্ত্ৰী গৌতম বৰা, প্ৰদ্যুত বৰদলৈ, প্ৰাক্তন বিধায়ক ডা: দুৰ্লভ চমুৱাকে ধৰি ৮ জনে দলীয় প্ৰাৰ্থিত্ব বিচাৰিছে।
ইয়াৰ বিপৰীতে বিজেপিত বৰ্তমানৰ সাংসদ তথা ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইৰ লগতে সমাজকৰ্মী ব্ৰজেন কাকতি, চৈত্যৰঞ্জন বৰাৰ নাম চৰ্চালৈ আহিছে। আনহাতে, এআইইউডিএফৰ পৰা ডা: আদিত্য লাংথাচা আৰু চম্পক কলিতাই প্ৰাৰ্থিত্ব বিচাৰিছে। উল্লেখ্য যে, নগাঁও সংসদীয় সমষ্টিটো ১৯৯৯ চনৰ পৰা বিজেপিৰ ৰাজেন গোঁহাইৰ দখলত আছে । চাৰিবাৰকৈ সাংসদ হোৱাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পিছতো ৰাজেন গোঁহাইয়ে সংসদীয় সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। নগাঁও সংসদীয় সমষ্টিত বৃহৎ সংখ্যক বঙালী সম্প্ৰদায়ৰ ভোটাৰ আছে।
এই ভোটাৰসকলে বিগত নিৰ্বাচনসমূহত বিজেপি প্ৰাৰ্থী ৰাজেন গোঁহাইক জয়ী কৰোৱাত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। সেয়ে এইবাৰ নগাঁও সংসদীয় সমষ্টিত বঙালী সম্প্ৰদায়ৰ লোকক বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ দাবী উত্থাপিত হৈছে। ইতিমধ্যে বৃহত্তৰ অসম বঙালী উন্নয়ন পৰিষদে নগাঁও সংসদীয় সমষ্টিত বঙালী সম্প্ৰদায়ৰ লোকক প্ৰাৰ্থিত্ব দিবলৈ বিজেপি নেতৃত্বৰ ওচৰত আৰ্জি জনাইছে।
সংগঠনটোৰ হৈ মৰিগাঁও জিলাৰ সভাপতি-সলিল বিশ্বাস, যমুনামূখৰ সভাপতি বাসন্তী ভৌমিক, লামডিঙৰ সভাপতি প্ৰতাপ হালদাৰ, হেজাইৰ সভাপতি সাৰাধন শীল, নগাঁৱৰ সদৰৰ সাধাৰণ সম্পাদক নমিতা সুত্ৰধৰ, ৰহাৰ সভাপতি পৱিত্ৰ বৈশ্যই বঙালী সম্পদায়ৰ লোকক বিজেপিৰ পৰা প্ৰাৰ্থিত্ব দিবলৈ দাবী জনাইছে। বঙালী সম্প্ৰদায়ৰ পৰা লামডিং, হোজাই, জাগীৰোড আৰু নগাঁও জিলাৰ পৰা ৪ জন লোকে নগাঁও সংসদীয় সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে বুলি জানিব পৰা গৈছে।
- Log in to post comments
- 50 views