নগাঁৱৰ বৰ্ষীয়ান সংবাদিক, ক্ৰীড়া সংগঠক ৰাজেন বৰকাকতীয়ে আজি ৮৮ বৰ্ষত ভৰি দিলে। তেওঁৰ জন্মদিনৰ লগত সংগতি ৰাখি শিল্পী সমাজ, অসমৰ উদ্যোগত আজি নগাঁও চহৰৰ নেহৰু যুৱ কেন্দ্ৰত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। শিল্পী সমাজ, অসমৰ ভাৰপ্রাপ্ত সভাপতি ৰাতুল নেওগৰ সভাপতিত্বত অনুষ্ঠিত সভাত বৰ্ষীয়ান সংবাদিক, ক্ৰীড়া সংগঠক ৰাজেন বৰকাকতীৰ ব্যক্তিত্ব আৰু কৰ্মজীৱনক সামৰি তেওঁৰ একাংশ ঘনিষ্ঠ, শুভাকাংক্ষীৰ লেখনি সন্নিৱিষ্ট কৰি সাংবাদিক জিতেন বৰকটকীয়ে সম্পাদনা কৰা "ৰাজেন বৰকাকতী অভিনন্দন গ্ৰন্থ" উন্মোচন কৰে বিশিষ্ট সাহিত্যিক উপেন্দ্র বৰকটকীয়ে।
অভিনন্দন গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট সাহিত্যিক উপেন্দ্র বৰকটকীয়ে ৰাজেন বৰকাকতীয়ে ক্ৰীড়া, সাংবাদিকতা আৰু সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰি বৰ্ষীয়ান সংবাদিকগৰাকীৰ শতায়ু কামনা কৰে। অভিনন্দন গ্ৰন্থখন প্ৰকাশ কৰিছে গ্ৰাম বিকাশ পৰিষদৰ মুখ্য উপদেষ্টা ছিৰাজউদ্দিন আহমেদে। শিল্পী সমাজৰ মৃদুপৱন বৰাই আঁতধৰা অনুষ্ঠানটিত নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকী, অধ্যাপক ডঃ চিন্তামণি শৰ্মা, ডঃ আবু হানিফা, নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকা, আনোৱাৰা খাতুন, প্ৰভাত বৰা, ৰেণু মহন্ত, নিৰুপমা গোহাঁই, জিনা বৰুৱা শইকীয়া, যোগানন্দন শৰ্মা আদিয়ে বৰকাকতীয়ে ক্ৰীড়া সাংবাদিকতা আৰু সমাজলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে উল্লেখ কৰি তেওঁক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। আনহাতে, বৰ্ষীয়ান সংবাদিক বৰকাকতীয়ে জন্মদিনত তেওঁৰ অনুভৱ ব্যক্ত কৰে। উক্ত অনুষ্ঠানত নগাঁৱৰ বিভিন্ন ব্যক্তি আৰু অনুষ্ঠানে বৰকাকতীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।
- Log in to post comments
- 12 views