ৰাজেন গোঁহাইক প্ৰাৰ্থীত্বৰ বিৰোধীতা কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ 

rajen_gohai_nagaon_MP

নগাঁৱৰ সাংসদ তথা কেন্দ্ৰীয় ৰে'ল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইৰ বিৰুদ্ধে কৃষক শ্ৰমিক উন্নয়ন পৰিষদ, অসমে আজিৰ পৰা আৰম্ভ কৰিছে এলানি আম্দেলনৰ কাৰ্যসূচী। আজি নগাঁৱৰ নেহৰু যুৱ কেন্দ্ৰত আয়োজিত এক সংবাদমেলত সংগঠনটোৰ সভাপতি প্ৰদিপ কলিতাই এই কথা সদৰী কৰি আৰু কয়, "যৌন কেলেংকাৰীত অভিযুক্ত ৰাজেন গোঁহাইক বিজেপি দলে প্ৰাৰ্থীত্ব দিলে আমি তীব্ৰ বিৰোধিতা কৰিম।

কোনো আত্মসন্মানবোধ থকা লোকেই আগন্তুক লোকসভা নিৰ্বাচনত গোঁহায়ে যি কোনো দলৰ পৰা টিকট পোৱাটো নিবিচাৰে।" পৰিষদৰ সভাপতি কলিতাই ৰাজেন গোঁহাইৰ যৌন কেলেংকাৰীৰ কথা উল্লেখ কৰি কয়, "কেন্দ্ৰীয় মন্ত্ৰী গোঁহাইৰ বিৰুদ্ধে নগাঁও জিলা বিজেপি যুৱ মৰ্চাৰ কৰ্মীৰ পত্নী আৰু তেওঁৰ ভগ্নীক চৰকাৰী চাকৰি দিয়াৰ প্ৰলোভনৰে গোঁহায়ে তেওঁলোকৰ সৈতে শাৰীৰিক সম্পৰ্ক স্হাপন কৰাৰ অভিযোগ তুলি আৰক্ষী থানাত গোচৰ ৰুজু কৰা, সেই গোচৰৰ বাবে নগাঁও আদালতৰ গোচৰৰ ভিত্তিত আদালতে দুবাৰকৈ নিৰ্দেশ দিয়াৰ পিছতো একমাত্ৰ ৰাজনৈতিক ক্ষমতাৰে বলিয়ান হৈ আদালতত হাজিৰ হোৱা নাই।

আজিলৈকে তেওঁ গ্ৰেপ্তাৰৰ পৰা হাত সাৰি আছে। "সংবাদমেলত কলিতাই আৰু কয়, "অভিযুক্ত মন্ত্ৰী ৰাজেন গোঁহাইক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত কৃষক শ্ৰমিক উন্নয়ন পৰিষদে অসম ৰাজ্যিক মহিলা আয়োগত অভিযোগ দাখিল কৰিছিল যদিও এই সন্দৰ্ভত মহিলা আয়োগেও কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।" ৰাজ্যিক মহিলা আয়োগে গোঁহাইৰ বিৰুদ্ধে কোনো ব্যৱস্হা গ্ৰহণ নকৰাৰ অভিযোগ তুলি কলিতাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

যৌন নিৰ্যাতনৰ গোচৰত অভিযুক্ত ৰাজেন গোঁহাইক সমাগত লোকসভাৰ নিৰ্বাচনত নগাঁৱৰ দৰে সন্মানীয় সংসদীয় সমষ্টিত পাৰ্থীত্ব প্ৰদান নকৰিবলৈ বিজেপি দলক সংগঠনোৱে সংবাদমেলতেই আহ্বান জনায়। ৰাজেন গোঁহায়ে যাতে প্ৰাৰ্থীত্ব নাপায় তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক সাক্ষাত কৰিবলৈ সংগঠনটোৰ ১০ জনীয়া প্ৰতিনিধি দল দিল্লীলৈ যাব বুলি উল্লেখ কৰি সংবাদমেলত কলিতাই কয়, "ৰাজেন গোঁহাইক যাতে বিজেপিয়ে প্ৰাৰ্থীত্ব নিদিয়ে তাৰ বাবে সংগঠনটোৰ তৰফৰ পৰা বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যালয়তো আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।"

বিজেপিৰ পৰা প্ৰাৰ্থীত্ব নাপালে ধনৰ বলত আন দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰিব পাৰে বুলি সংগঠনটোৰ নেতৃত্বতেই আশংকা প্ৰকাশ কৰি সকলো দলকে ৰাজেন গোঁহাইক প্ৰত্যাখ্যান কৰিবলৈ আহ্বান জনায়। যদি বিজেপিয়ে ৰাজেন গোঁহাইক প্ৰাৰ্থীত্ব দিয়ে তেন্তে নগাঁও সংসদীয় সমষ্টিত বিজেপিৰ বিৰুদ্ধে কৃষক শ্ৰমিক উন্নয়ন পৰিষদ অসমে প্ৰৱল জনমত গঠন কৰিব বুলিও কলিতাই সকীয়াই দিয়ে।

ইপিনে কালি মৰিগাঁৱত ৰাজেন গোঁহয়ে সংবাদ মাধ্যমৰ বিৰুদ্ধে কৰা মন্তব্যৰ তীব্ৰ শোক প্ৰকাশ কৰে সংগঠনটোৱে। সংবাদমেলত প্ৰদিপ কলিতাই জানিবলৈ দিয়ে যে ৰাজেন গোঁহাইক গ্ৰেপ্তাৰ কৰাৰ দাবী আৰু প্ৰাৰ্থীত্ব নিদিয়াৰ দাবীত আজিৰ পৰা আৰম্ভ কৰিছে এক এলানি আন্দোলনৰ কাৰ্যসূচী। আজিৰে পৰা নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত ৯ টা বিধানসভা সমষ্টিত "ৰাজেন গোঁহাইক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক", "ৰাজেন গোঁহাই হাটাওঁ বেটি-বোৱাৰী বাচাওঁ", "ৰাজেন গোঁহাই হাটাওঁ নগাঁও বাচাওঁ" আদি শ্লোগান সম্বলিত পোষ্টাৰিং আৰম্ভ কৰিছে। তদুপৰি,কাইলৈ বিভিন্ন স্থানত ৰাজেন গোঁহাইৰ প্ৰতিক্ৰিতি দাহ কৰিব।

সংবাদমেলত প্ৰদিপ কলিতাই জানিবলৈ দিয়ে যে, ৰাজেন গোঁহাইৰ বিৰোদ্ধে দুই লাখ গণস্বাক্ষৰ গ্ৰহন কৰি বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰা হ'ব। সংবাদমেলত সংগঠনটোৰ কাৰ্যকৰী সভাপতি মুকুল বৰা, সাধাৰণ সম্পাদক উৎপল বৰুৱা, নগাঁও জিলা সমিতিৰ সভাপতি আবু ছাদিক চৰকৰ, সাধাৰণ সম্পাদক অম্লান জ্যোতি মহন্ত মৰিগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক পুনিৰাম হীৰা আদিয়ে অংশগ্ৰহণ কৰে।


 

Your Comments