নগাঁৱত ৰাষ্ট্ৰীয় নাট্য সমাৰোহৰ ব্যাপক প্ৰস্ততি 

nagaon_drama

নগাঁও খগেন মহন্ত প্ৰেক্ষাগৃহত অহা ২১ৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ পাঁচ দিনীয়া কাৰ্যসূচীৰে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰাণালয়ৰ পূৱ মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত ৰাষ্ট্ৰীয় নাট্য সমাৰোহৰ আয়োজন কৰা হৈছে। আজি এক সংবাদমেল যোগে এই কথা সদৰি কৰি উদ্যোক্তা সমিতিৰ হৈ বিশিষ্ট নাট্যকাৰ বাহাৰুল ইছলাম আৰু দীপক বৰাই কয়, বিশেষকৈ যুৱ প্ৰজন্মক বাস্তৱ ধৰ্মী নাটকৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে মুলতঃ এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

তদুপৰি এই নাটসমূহৰ জৰিয়তে দৰ্শকে আধুনিকতাৰ পৰিৱৰ্তে সমাজৰ এটা নিৰ্দিষ্ট বিষয়ৰ প্ৰকৃত ছবি উপলব্ধি কৰিবলৈ সক্ষম হ'ব। সমাজৰ সকলো শ্ৰেণীৰ ৰাইজে নিশ্চিতভাৱে অন্য এক আমোদ লাভ কৰিবলৈ সক্ষম হ'ব বুলিও নাট্যকাৰ দুগৰাকীয়ে মন্তব্য কৰে। পাঁচ দিনীয়া এই কাৰ্যসূচীৰ ভিতৰত প্ৰতিদিনাই এটাকৈ মুঠ পাঁচটা একক মঞ্চৰ নাটক মঞ্চস্থ কৰা হ'ব।

সেই অনুসৰি, ২১ ফেব্ৰুৱাৰীত গুৱাহাটীৰ পঞ্চসুৰে প্ৰবীন কুমাৰ শইকীয়াৰ 'দিখৌ গৰাত ৰৈ', ২২ ফেব্ৰুৱাৰীত পাটনাৰ প্ৰয়াসে মিথিলেখ সিঙৰ 'দশৰথ মাঝি', ২৩ ফেব্ৰুৱাৰীত কলকাতাৰ নন্দীপাটে প্ৰকাশ ভট্টাচাৰ্যৰ 'বল্লৱপুৰৰ ৰূপকথা', ২৪ ফেব্ৰুৱাৰীত ওড়িশাৰ কানমাচে সঞ্জয় হাতীৰ 'ঘিনউৱা' আৰু ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীৰ ছিগালে বাহাৰুল ইছলামৰ 'স্বভাৱজাত' মঞ্চস্থ কৰিব।

এই নাট মহোৎসৱত অসমৰ লগতে বিহাৰ, পশ্চিমবংগ, ওড়িশা আদি ৰাজ্যৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচী সফল কৰি তুলিবলৈ আজিৰ সংবাদমেলযোগে সকলোকে আহ্বান জনাইছে উদ্যোক্তাসকলে। এই সংবাদমেলত বিশিষ্ট নাট পৰিচালক প্ৰবীণ কুমাৰ শ‌ইকীয়া আৰু সাংস্কৃতিক কৰ্মী ভাগ্য বৰাও উপস্থিত থাকে।  

Your Comments