ৰং সলাইছে প্ৰকৃতিয়ে৷ ফুলিছে পলাশ, মদাৰ, শিমলু। আহিছে আলি-আয়ে-লৃগাং। ফাগুনৰো থাকে এক নিজস্ব ৰং, সেই ৰং লৈ পুনৰ আহিছে ফাগুন৷ শিমলু গছৰ ফুলেৰেই ৰঙিয়াল হৈছে এতিয়া প্ৰকৃতি। উৰি ফুৰিব খোজা এই বলিয়া ফাগুনৰ লগতে আহিছে সুখৰ সম্ভাৰ, ফাগুনৰ প্রথম বুধবাৰ। ঐনিতমৰ সুৰত আৰু গুমৰাগৰ ছন্দত মুখৰিত হৈ পৰিছে গহপুৰৰ মিচিং অধ্যুষিত অঞ্চলসমূহ ।
ফাগুন মাহৰ প্ৰথম বুধবাৰে উদ্যাপন কৰা হয় মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং । অসমৰ দ্বিতীয় বৃহৎ ভূমিপুত্ৰ জনগোষ্ঠী মিচিং সম্প্ৰদায়ৰ মাজত আজি ব্যাপক উৎসাহ। ৰাজ্যজুৰি মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ লৃগাং পালন কৰা হৈছে৷ ব্যতিক্ৰম নহয় গহপুৰো।
গহপুৰৰ বিভিন্ন অঞ্চলত আলি-আয়ে-লৃগাং উৎসৱ পালন কৰা হৈছে । এইবাৰ গহপুৰৰ টকৌবাৰীত আঞ্চলিক ভিত্তিত কেইবাখনো গাঁৱৰ ৰাইজ একেলগে গোট খাই পৰম্পৰাগত মিচিং জনগোষ্ঠীয় লোকসংস্কৃতি আলি-আয়ে-লৃগাং পালন কৰিছে। মিচিং জনগোষ্ঠীয়ে বীজ সিঁচি আজিৰ দিনটোৰ পৰাই আনুষ্ঠানিকভাৱে কৃষি কৰ্মৰ আৰম্ভণি কৰে। মিচিং অধ্যুষিত অঞ্চলৰ ডেকা-গাভৰুৰ গাত ত'ত নোহোৱা হৈছে। ঐনিতমৰ সুৰত গুমৰাগ নৃত্যৰ লগতে থলুৱা কৃষ্টি-সংস্কৃতিৰ সমাহাৰ পৰিলক্ষিত হৈছে।
- Log in to post comments
- 14 views