নগাঁও জিলাৰ ১,২২৪গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান

নগাঁও জিলাৰ ১,২২৪গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান

আজি নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ২০১৮ বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কেন্দ্ৰীয় ৰে'ল ৰাজ্য মন্ত্ৰী তথা নগাঁৱৰ সাংসদ ৰাজেন গোঁহায়ে ভাষণ প্ৰসংগত কয়- ছাত্ৰ-ছাত্ৰীসকল আমাৰ দেশৰ ভৱিষ্যৎ। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক আনন্দৰাম বৰুৱাৰ নীতি-আৰ্দশ‍ৰ অনুপ্ৰেৰণা লৈ সমাজ আৰু দেশৰ হৈ কাম কৰি যাবলৈ আহ্বান জনায়। লগতে তেওঁ উল্লেখ কৰে যে তথ্যপ্ৰযুক্তিৰ আজিৰ এই যুগত ছাত্ৰ-ছাত্ৰীসকলক এই বঁটাই উপকৃত কৰিব।

উক্ত অনুষ্ঠানত উপস্থিত থাকি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয়- বৰ্তমান সময়ত শিক্ষাৰ ক্ষেত্ৰত এক আমূল পৰিবৰ্তন আহিছে। তেওঁ ছাত্র-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে এয়া হ'ল ছাত্ৰ-ছাত্ৰীসকলৰ জীৱন গঢ়াৰ সময়। সকলো ছাত্র-ছাত্ৰীয়ে তেওঁলোকৰ নিজৰ নিজৰ লক্ষ্য স্থিৰ কৰি কঠোৰ পৰিশ্ৰমেৰে আগুৱাই গ'লে সকলোৱে একোজন সফল মানুহ হ'ব পাৰিব। আজিৰ এই বঁটা বিতৰণী অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাই মাদ্ৰাছা, সংস্কৃত টোলত ৭৫ শতাংশতকৈ ওপৰত নম্বৰ লাভ কৰা নগাঁও জিলাৰ ১,২২৪গৰাকী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়।

আজিৰ এই অনুষ্ঠানত সভাপতিত্ব কৰে নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়াই। সভাত অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰা, বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰবীণ শৰ্মা, জনসংযোগ বিষয়া সমৰ কলিতাৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে।

Your Comments