নাগৰিকত্ব সংশোধনী বিধেয়ক (চিএবি) গৃহীত কৰিবলৈ তৎপৰ হৈ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে। আজি পৰিষদৰ সদস্যসকলে নগাঁও চহৰৰ নতুন বজাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰধানমন্ত্ৰীগৰাকীৰ পুত্তলিকা দাহ কৰি বিভিন্ন শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে। পৰিষদে তৎকালীনভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিবলৈ চৰকাৰক দাবী জনায়। অন্যথা চৰকাৰ অনাগত সময়ত কঠোৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলি চৰকাৰক সতৰ্ক কৰি দিয়ে। আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কাইলৈ নগাঁও চহৰত এক প্ৰতিবাদী সমদল বাহিৰ কৰিব।
- Log in to post comments
- 7 views