নগাঁৱত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব ১২,২৮০গৰাকী পৰীক্ষাৰ্থী

নগাঁৱত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব ১২,২৮০গৰাকী পৰীক্ষাৰ্থী

কাইলৈ ১২ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ সকলো ধৰণৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে নগাঁও জিলা শিক্ষা বিভাগে। নগাঁও সংমণ্ডল বিদ্যালয়সমূহৰ পৰিদৰ্শক পি চি শৰ্মাই জনোৱা মতে, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নগাঁও জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ সৰ্বমুঠ ১২,২৮০গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। এওঁলোকৰ ভিতৰৰে ৮,৬৯০গৰাকী কলা শাখাৰ, ২,৫০০গৰাকী বিজ্ঞান শাখাৰ আৰু ১,০৯০গৰাকী বাণিজ্য শাখাৰ। এই পৰীক্ষাৰ্থীসকলে জিলাখনৰ বিভিন্ন প্ৰান্তৰ মুঠ ৩৭টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হ'ব। ইপিনে, জিলা প্ৰশাসনেও পৰীক্ষা কেন্দ্ৰসমূহৰ নিৰাপত্তাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। কাইলৈৰ পৰীক্ষা উপলক্ষে নগাঁও জিলা ছাত্ৰ সন্থা, নগাঁও জিলা আমছু, নগাঁও জিলা সাহিত্য সভা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ-পৰিষদ, চৰ-চাপৰি সাহিত্য পৰিষদ আদিয়ে শিক্ষাৰ্থীসকলক আন্তৰিক শুভেচ্ছা জনাইছে।

Your Comments