নগাঁও চহৰৰ সমীপৰ মৰঙীয়ালৰ প্ৰেমিকাৰ ঘৰৰ পৰা এজন প্ৰেমিক নিৰুদ্দেশ হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ মৰঙীয়াল অঞ্চলত আজিও চেপা উত্তেজনা অব্যাহত আছে। উল্লেখ্য যে মৰঙীয়ালৰ প্ৰেমিকা অৰ্চনা বৰাৰ ঘৰৰ পৰাই জিলাখনৰ জুৰীয়াৰ কালিয়াডিংগা গাঁৱৰ আব্দুল ছাদিক (৩৫) নামৰ প্ৰেমিক যুৱকজন যোৱা ৬ ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে৷ অৰ্চনা বৰা নামৰ এই বিবাহিতা মহিলাৰ সৈতে আব্দুল ছাদিকৰ দীৰ্ঘদিন ধৰি অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল। আনকি তেওঁলোক দুয়ো পাঁচ মাহ পূৰ্বে গোপনে বিবাহ পঞ্জীয়নো কৰাইছিল।
আন দিনাৰ দৰে যোৱা ৬ ফেব্ৰুৱাৰীৰ নিশাও মহিলাগৰাকীৰ প্ৰেমিক ছাদিক অৰ্চনাৰ ঘৰলৈ অহাৰ পিছত নিশাৰ ভাগৰ পৰা অতি ৰহস্যজনকভাৱে প্ৰেমিক যুৱকজন সন্ধানহীন হৈ আছে। শুকুৰবাৰে অৰ্চনাৰ ঘৰৰ সমীপৱৰ্তী মৰিকলং বিলপাৰত ছাদিকে ব্যৱহাৰ কৰা এপাত জোতা উদ্ধাৰ হোৱাৰ পিছতেই মৰঙীয়াল অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত অৰ্চনা বৰাই প্ৰেমিক আব্দুল ছাদিক সন্ধানহীনৰ বিষয়ে নগাঁও সদৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ৩২৬/১৯ নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
আনহাতে, ছাদিকক কোনো দুৰ্বৃত্তই হত্যা কৰি মৰিকলং বিলত পেলাই থোৱাৰ সন্দেহ কৰি শুকুৰবাৰৰ পৰা এই বিলখনত আৰক্ষীয়ে এছ ডি আৰ এফ বাহিনীৰ সহযোগত ছাদিকক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। অৱশ্যে কাইলৈ পুনৰ উদ্ধাৰ অভিযান চলোৱাৰ সম্ভাৱনা আছে। ইপিনে, ছাদিকৰ পৰিয়ালৰ লোকে প্ৰেমিকা অৰ্চনা বৰালৈ সন্দেহৰ আঙুলি টোঁৱাইছে।
এই অভিযোগক কেন্দ্ৰ কৰিয়েই শুকুৰবাৰে সন্ধ্যা একাংশ লোকে অৰ্চনাৰ ঘৰ ঘেৰাও কৰাতে ক্ষান্ত নাথাকি উত্তেজিত একাংশ লোকে অভিযুক্ত মহিলাগৰাকীৰ ঘৰখনত অগ্নি সংযোগ কৰাৰ উপৰি এখন চাৰিচকীয়া বাহনৰো কিছু ক্ষতিসাধন কৰে। পৰিস্থিতি এনে পৰ্যায় পায়গৈ যে আৰক্ষীৰ গালৈয়ো একাংশ লোকে শিলগুটি নিক্ষেপ কৰাত পৰিস্থিতি অধিক জটিল হৈ পৰে। পিছত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীয়ে লাঠিচালনা কৰি পৰিস্থিতি শান্ত কৰিবলগা হয়।
আজিও মহিলাগৰাকীৰ ঘৰৰ চোদিশে আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ লোকক নিয়োজিত কৰি পৰিস্থিতি নিৰীক্ষণ কৰি থকা পৰিলক্ষিত হয়। ইপিনে আৰক্ষীয়ে অগ্নিসংযোগ কৰা ঘটনাৰ লগত জড়িত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে। ধৃত লোককেইজন হ'ল ছাইদুল ইছলাম, হেমক আলী, হিদায়ত উল্লাহ আৰু জহিৰুল হক। উল্লেখ্য যে ইয়াৰে এগৰাকী লোক স্বয়ম্ভূ আমছু নেতা কমৰুজ জামানৰ গাড়ীচালক বুলি জানিব পৰা গৈছে।
মন কৰিবলগীয়া যে প্ৰেমিক যুৱকজনৰ সন্ধান লাভ কৰাৰ পিছত সমগ্ৰ ঘটনাৰ ৰহস্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। অৱশ্যে এই ক্ষেত্ৰত আৰক্ষীৰ নিৰপেক্ষ তদন্ততহে সমগ্ৰ ঘটনাৱলীৰ প্ৰকৃত ছবিখন স্পষ্ট হৈ পৰিব।
- Log in to post comments
- 14 views