বৰদলনিৰ পৰা ললিত শইকীয়া
ৰাজ্যজুৰি টাই আহোম যুৱ পৰিষদে আজি আহ্বান জনোৱা অসম বন্ধৰ প্ৰভাৱ ধেমাজি জিলাৰ বৰদলনিতো সৰ্বাত্মক ৰূপত পৰা দেখা গ'ল। উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সংগঠনটোৱে আজি অসম বন্ধৰ আহ্বান জনাইছিল। চৰকাৰে জনজাতিকৰণৰ নামত মিছা প্ৰতিশ্ৰুতি দিয়াক লৈ জাতীয় সংগঠনটো সৰৱ হৈ পৰা দেখা গৈছে। লগতে চৰকাৰক সকীয়াই দিয়ে যে খুব কম দিনৰ ভিতৰত জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে ইয়াতকৈও ভয়ঙ্কৰ কাৰ্যসূচী হাতত ল'ব।
- Log in to post comments
- 7 views