চিৰাঙত আছুৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ

চিৰাঙত আছুৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ প্ৰতিলিপি দাহ কৰি আজি সদৌ অসম ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে। চিৰাং জিলাৰ অন্তৰ্গত চাৰিখন আঞ্চলিক সমিতি ক্ৰমে বিজনী, পাণবাৰী, ছিদলী আৰু বাসুগাঁও আঞ্চলিক আছুৰ কৰ্মকৰ্তাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ কৰে।

চিৰাঙত আছুৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ

আছুৰ কেন্দ্ৰীয় সদস্য পাৰ্থজিত ৰায় আৰু চিৰাং জিলাৰ সভাপতি ৰূপম দাসে অসমীয়া ভাষা, সাহিত্য তথা সংস্কৃতিৰ প্ৰতি ভাবুকিস্বৰূপ এই বিধেয়কৰ বিৰুদ্ধে তথা বিজেপি চৰকাৰৰ এনে অসমীয়াবিৰোধী কাৰ্যক সংবাদ মাধ্যমৰ আগত ক্ষুৰধাৰ সমালোচনা কৰে। ইপিনে বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত পাতিলাদহা আঞ্চলিক ছাত্ৰ সন্থাইও আজি নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷

Your Comments