হাটশিঙিমাৰীত কৃষকক পাম্পছেট বিতৰণ

 হাটশিঙিমাৰীত কৃষকক পাম্পছেট বিতৰণ

মানকাচৰৰ পৰা চানবৰ আলী

কৃষকৰ সহায়ৰ বাবে ৰাজ্য চৰকাৰে কৃষকক প্ৰদান কৰি আহিছে পাম্পছেট। আজি দক্ষিণ শালমাৰাৰ মানকাচৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত জিলা উপায়ুক্ত আতিকা চুলতানাৰ উপস্হিতত কৃষকক প্ৰদান কৰে একোটাকৈ পাম্পছেট। পাম্পছেট বিতৰণ কৰি জিলা উপায়ুক্ত আতিকা চুলতানাই সাংবাদিকৰ আগত কয়- "আমাৰ জিলাৰ কৃষকৰ বাবে চৰকাৰে লোৱা নতুন নতুন আঁচনি আমি সঠিকভাৱে ৰুপায়ণ কৰিবলৈ চেষ্টা কৰিম। আজি কৃষকক পাম্পছেট দিলো৷ খুব কম সময়ৰ ভিতৰত কৃষকৰ সুবিধাৰ বাবে আমাৰ জিলাত ৫৮খন ট্ৰেক্টৰ দিবলৈ চেষ্টা কৰি আছো।"

জিলা কৃষি বিষয়া ডঃ মোজাম্মিল হকে জানিবলৈ দিয়া মতে আৰ আই ডি এফ আঁচনিৰ অধীনত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কৃষকক বিশেষ সুলভ মূল্যত যোগান দিয়া হৈছে এই পাম্পছেটবোৰ। কাৰ্যবাহী অভিযন্তা ৰেকিব আহমেদে সাংবাদিকৰ আগত কয়- চৰকাৰৰ অভিলাষী আচঁনি আৰ আই ডি এফ। দুখীয়া কৃষকে কোনো ব্যক্তিৰ সহায় নোলোৱাকৈ নিজেই অনলাইন মাধ্যমত আবেদন কৰিব পাৰিব।

চৰকাৰে সুলভ মূল্যত যোগান ধৰা পাম্পছেটবোৰ সঠিকভাৱে ব্যৱহাৰ কৰিব লাগিব।আজিৰ এই অনুষ্ঠানত উপস্হিত থাকে কনিষ্ঠ অভিযন্তা নুৰ আলিমা আখতাৰ, মানকাচৰৰ কৃষি সম্প্ৰসাৰণ বিষয়া খণ্ডকাৰ ছাহিদুল আলম, মানকাচৰৰ গ্ৰাম সেৱকৰ উপৰি বিভিন্ন পঞ্চায়তৰ নৱনিৰ্বাচিত প্ৰতিনিধিৰ লগতে কৃষকসকল।

Your Comments