আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ বাবে শালমাৰাত অসম জন মৰ্চাৰ ৰাজহুৱা সভা

আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ বাবে শালমাৰাত অসম জন মৰ্চাৰ ৰাজহুৱা সভা

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম

অসম জন মৰ্চাৰ দক্ষিণ শালমাৰা জিলাৰ সভাপতি নুৰ ইছলামৰ নেতৃত্বত চলাকুৰা এল পি স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক আব্দুছ ছামাদ আনচাৰীৰ সভাপতিত্বত নামনি অসমৰ ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ অন্তৰ্গত শালকাটা বজাৰ প্ৰাঙ্গণত বৃহস্পতিবাৰে দিনৰ ২ বজাত প্ৰায় পাঁচ শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হয় অসম জন মৰ্চাৰ ৰাজহুৱা সভা। উক্ত সভাত উপস্থিত থাকে অসম জন মৰ্চাৰ কেন্দ্ৰীয় সভাপতি ছাইফুল ইছলাম চৌধুৰী, অসম জন মৰ্চাৰ হোজাই জিলাৰ সভাপতি জাফৰ ইকবাল, জিলা সম্পাদক জামাল উদ্দিন, দৰং জিলাৰ সভাপতি লোকমান আলী আৰু অন্যান্য কাৰ্যকৰ্তাসকল।

বিষয়ববীয়াসকলক সম্বৰ্ধনা জনাই শান্তি, ন্যায় আৰু একতাৰ লগতে অসমৰ থলুৱা খিলঞ্জীয়া লোকৰ স্বাৰ্থৰ খাতিৰত অসমৰ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে উন্নয়নৰ প্ৰচেষ্টা হাতত লোৱা, দুৰ্নীতিমুক্ত অসম গঢ়াৰ লক্ষ্যৰে সভা আৰম্ভ হয়। বৰ্তমান ৰাজ্যৰ চৌদিশে চলি থকা ৰাজনৈতিক পৰিস্থিতি আৰু অসমীয়া জাতিৰ এন আৰ চিৰ সমস্যা আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে আলোচনা আগবঢ়ায়।

সভাখনৰ মুখ্য বক্তা তথা অসম জন মৰ্চাৰ কেন্দ্ৰীয় সভাপতি ছাইফুল ইছলাম চৌধুৰীয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ অসম জন মৰ্চাৰ ৰণকৌশল নিৰ্ধাৰণ আৰু ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলক ওফৰাই ভাল নিষ্ঠাৱান ব্যক্তিক সংসদলৈ পঠাবলৈ ধুবুৰী জিলাবাসীক আহবান জনায়। তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে যে আগন্তুক লোকসভা নিৰ্বাচনত অসম জন মৰ্চাই অসমৰ চৈধ্যটা সমষ্টিতে প্ৰাৰ্থিত্ব প্ৰদান কৰিব৷ ধুবুৰী লোকসভা সমষ্টিত অসম জন মৰ্চা দলৰ বাবে ভাল এজন ব্যক্তিক প্ৰাৰ্থী হিচাপে বাছনি কৰি দিবলৈ ৰাইজক আহ্বান জনায়।

Your Comments