নগৰবেৰাৰ পৰা আব্দুল ৰছিদ
মুন্সী খোৰছেদ আলী গাঁওবুঢ়া। বকোৰ বামুণবৰী গাঁৱৰ এজন সুপৰিচিত ব্যক্তি। কেৱল এজন সাধাৰণ ব্যক্তি বুলি ক'লে ভুল হ'ব। প্ৰকৃততে তেওঁ আছিল এটা অনুষ্ঠান তথা সংস্থাহে। ১৯০৩ চনত অবিভক্ত গোৱালপাৰা জিলাৰ লক্ষীমপুৰত জন্মগ্ৰহণ কৰা খোৰছেদ আলীয়ে ১৯২২ চনত মহাত্মা গান্ধীৰ সৈতে খোজকাঢ়ি ধুবুৰীলৈ গৈছিল। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত যোগ দিয়াত তেওঁ ইংৰাজৰ ভয়ত পলাই থাকিবলগীয়া হৈছিল। ১৯৪৯ চনত তেওঁ কামৰূপ জিলাৰ বকোৰ বামুণবড়ীত স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে।
কেৱল এয়াই নহয়, গৌৰীপুৰৰ জমিদাৰৰ অধীনত খোৰছেদ আলীয়ে মাটিৰ খাজনা সংগ্ৰহ কৰা কামো কৰিছিল। ১৯৫২ চনত তেওঁ বামুণবডীৰ শালমাৰা গাঁৱৰ লাট মণ্ডল হিচাপে কৰ্মজীৱন আৰম্ভ কৰি মৃত্যুৰ সময়লৈকে এই কাম নিয়াৰীকৈ কৰি গৈছিল।
কেৱল এইখিনিয়েই নহয়, মুন্সী খোৰছেদ আলী এগৰাকী শিক্ষানুৰাগী আৰু প্ৰকৃতিপ্ৰেমী ব্যক্তি আছিল। এগৰাকী অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী আছিল মুন্সী খোৰছেদ আলী। এইগৰাকী ব্যক্তিয়ে আজি ইহলীলা সম্বৰণ কৰাত শোকৰ ছাঁ পৰিছে বৃহত্তৰ বকো অঞ্চলত। মুন্সী খোৰছেদ আলীৰ খালিস্থান পূৰণ কৰিব পৰাটো হয়তো সম্ভৱ নহ'ব।
- Log in to post comments
- 120 views