ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িতসকল সমাজৰ শত্ৰু : ৰূপক শৰ্মা

ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িতসকল সমাজৰ শত্ৰু : ৰূপক শৰ্মা

"মই আজি গৌৰৱান্বিত। ইতিমধ্যে মই পূৰ্বৰ স্থানলৈ ঘূৰি আহি সুস্থ জীৱন অতিবাহিত কৰিছোঁ।'' এই মন্তব্য এসময়ৰ ড্ৰাগছ আসক্ত এগৰাকী যুৱকৰ। আজি নগাঁও নেহৰু যুৱ কেন্দ্ৰত ড্ৰাগছ আসক্তি দূৰীকৰণ সন্দৰ্ভত অনুষ্ঠিত এখন সজাগতা সভাত অংশগ্ৰহণ কৰি একালৰ ড্ৰাগছ আসক্ত যুৱক তনবীৰ আহমেদে এইদৰে নিজৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে৷ তেওঁ কয়, ইয়াৰ বাবে মোক পৰিয়ালৰ লোকেও বিশ্বাস কৰা নাছিল।

আনকি বন্ধু-বান্ধৱ তথা ওচৰ-চুবুৰীয়াইও ভাল দৃষ্টিৰে চোৱা নাছিল। পিছত মই নিজৰ ভুলৰ কথা অনুভৱ কৰি ড্ৰাগছ সেৱনৰ পৰা আঁতৰি আহিবলৈ চেষ্টা  কৰিছিলোঁ। ইতিমধ্যে মই সেই প্ৰচেষ্টাত সফল হৈছোঁ। ড্ৰাগছ সেৱনৰ ভয়াৱহতাৰ কথা উল্লেখ কৰি তনবীৰে কয়, ইতিমধ্যে মই মোৰ সোণালী জীৱনৰ বহু হেৰুৱাই পেলাইছোঁ। আৰু হেৰুওৱাৰ মন নাই। তেওঁ নৱপ্ৰজন্মক এনেধৰণৰ অসামাজিক আৰু কু-অভ্যাসত ভৰি নিদিবলৈ আহ্বান জনায়।

ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িতসকল সমাজৰ শত্ৰু : ৰূপক শৰ্মা

চি এছ এ পি চি আৰু ছেভাৰ্থমৰ যৌথ মঞ্চ "আশ্ৰয়" নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানে নগাঁও আৰক্ষীৰ সহযোগত অনুষ্ঠিত কৰা এই সজাগতা সভাত অংশগ্ৰহণ কৰি জিলাখনৰ আৰক্ষী উপ-অধীক্ষক জন দাসে নগাঁৱত ড্ৰাগছৰ প্ৰকোপ অত্যধিক বুলি উল্লেখ কৰি কয়, ড্ৰাগছ নিৰ্মূলৰ বাবে সকলোৰে সহযোগিতা লাগিব। অনুষ্ঠানত স্থানীয় বিধায়ক ৰূপক শৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কয়, ড্ৰাগছে নৱপ্ৰজন্মক বিপথে পৰিচালিত কৰিছে।

এই অবৈধ তথা অসামাজিক ব্যৱসায়ৰ লগত জড়িতসকল সমাজ, দেশ তথা সকলোৰে শত্ৰু। সেয়ে এনে কাৰ্য ৰোধ কৰাত সকলো শ্ৰেণীৰ ৰাইজে সহযোগিতা কৰা উচিত বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে। অনুষ্ঠানত নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকা, আশ্ৰয়ৰ সঞ্চালক ৰাবিউল ইছলাম, আন বিষয়ববীয়া ক্ৰমে প্ৰদীপ শৰ্মা, শিবানন্দ শৰ্মা আৰু সুব্ৰত আদিয়ে অংশগ্ৰহণ কৰে।
 

Your Comments